Assamese Romantic Poetry: দহটা প্ৰেমৰ কবিতা- সত্যজিত কাকতি
কবিঃ সত্যজি কাকতি
কবিতা নং-১ শিৰোনামঃ প্ৰেম এনেকুৱাই
তোমাৰ নীৰৱতাখিনিক জোকাৰি
মই যদি এবুকু ব্যাকুল অনুভূতি হৈ
তোমাৰ উশাহবোৰক বিভান্ত্ৰ কৰিব পাৰিছোঁ
অনুগ্ৰহ কৰি জনাবা
কুঁহুমবুলীয়া গধুলিত খিৰিকীখন জপাবলৈ লওঁতেই
মই যদি অশান্ত এজাক সমীৰ হৈ
তোমাক ব্যাকুলতাৰে আৱৰিছোঁ
তেন্তে অভিনন্দন প্ৰিয় নাৰী
তুমি মোৰ প্ৰেমত পৰিছা।
কবিতা নং-২ শিৰোনামঃ কবিতা
ক'বলৈতো এখন সাগৰ আছে
নদীৰ দৰে নীৰৱধি এজন শ্ৰোতাহে লাগে,
দেখুৱাবলৈ তো এখন নীলা আকাশ আছে
জোনৰ দৰে নিৰিবিলি এযুৰি নয়ন হে লাগে,
যাচিবলৈ তো এখন হৃদয় আছে
সাগৰৰ দৰে এখন হৃদয়হে লাগে।
কবিতা নং-৩ শিৰোনামঃ আঁহত হৃদয়
তোমাৰ মেঘালি চুলিখিনিৰ পৰা
দুচকুৱেদি দুগাললৈ বাগৰি অহা
বিছিন্ন অলকাকেইদালি যে
তোমাৰেই প্ৰতিজাক উশাহত আহত হয়,
তেতিয়াই আহত হয় মোৰ কলিজাৰ এফাল।
তোমাৰ অসম্পূৰ্ণ হাঁহিটোত যে
ওঁঠৰ ওপৰৰ ঘনিষ্ঠ তিলটো বেকা হৈ ৰয়
হৃদয়ৰ সকলো অনুভূতি আহত হয়
আহত হয় কলিজাৰ ইফাল।
কবিতা নং-৪ শিৰোনামঃ তোমালৈ
তুমি কথা ক'লেই এটি কবিতাৰ জন্ম হয়
দুচকুত জিলিকি ৰয় এখন প্ৰমেৱ আকাশ,
তুমি হাঁহিলেই হৃদয়ে
সুবাসিত পচোৱা এজাকৰ দৰে উশাহ সলায়
বুকুত ফুলি ৰয় এনিশাৰ মাতাল জোনাক,
বাৰিষা অহাৰ বাটতে
চিৰসেউজ হ'বলৈ দিয়া বুকুৰ সমস্ত ভালপোৱা
প্ৰণয়ৰ আবিৰ হৈ বিয়পি থকা মোৰ উকা কলিজাত
তুমি যে এতিয়া ফাগুনৰ ৰঙীণ পলাশ।
কবিতা নং-৫ শিৰোনামঃ ভালপোৱাৰ তিনতিটা স্তৱক
দুচকুত কাজল লগা মোৰ দুচকুলৈ নাচাবা
অনুভূতিৰে শিপাই থকা হৃদয়খন
বাৰে বাৰে আহত হয়,
ওঁঠদুটিৰ সিপাৰত কথাবোৰ সামৰি মৌন হৈয়ো নৰ'বা
ক'বলগীয়া কথাবোৰ তলপৰি ৰয়।
তোমাৰ প্ৰতিজাক হাঁহিতে যদি দেখা পাওঁ
মোৰ জীৱনে বিচাৰি থকা বাটৰ ঠিকনা
তোমাৰ হিয়াতে লিপিৱদ্ধ কৰোঁ দিয়া
প্ৰাপ্তি অপ্ৰাপ্তিৰে ভগাই লোৱাৰ কথাৰে
এখন লিখিত প্ৰস্তাৱনা।
অতীতৰ কোনোবা গোপন গল্পই
আঁকি দিব যদি পাৰে
আমাৰ প্ৰেমত আয়ুসৰেখা,
মই বিস্মৃতিৰ এখন আকাশ দিওঁ
তুমি স্মৃতিবোৰ উভটি নহা ডাৱৰজাকক যাচি দিয়া।
কবিতা নং-৬ শিৰোনামঃ ফাগুনৰ প্ৰেম
বৰ্ণিল ব্যস্ত চহৰৰ সুখত
পাহৰিব নোৱাৰোঁ তোমাৰ বুকুৰ দুখক
তুমি বিহীনতাত
সময়বোৰক শূণ্যতাৰে মেৰিয়াই জানো
উদযাপন কৰিব পাৰোঁ এইবেলিৰ ফাগুনক
তোমাৰ বাবে এটি সৰু অভিযোগ
ফাগুনত অঘৰী হোৱা
তোমাৰ বিপন্ন উশাহজাকে
কেতিয়ানো মোৰ ওঁঠদুটি চুলে
সম্প্ৰতি মোৰ হৃদয়ত অসুখ।
অভিমানত সাজযোৰ খুলি
নীৰৱ হৈ ৰোৱাহি সমুখত
ভালপোৱাৰ বুকুখন শিপাই
দুবাহুৰ সমস্ত তীব্ৰতাৰে সাবতি ধৰোঁ তোমাক।
কবিতা নং-৭ শিৰোনামঃ একান্তই ব্যক্তিগত
তুমি মোৰ দুচকুত নিবিচাৰিবা
দুপাখি মেলি উৰিব পৰাকৈ
বিশালতাৰ নীলা প্ৰান্তৰ,
অকলশৰীয়া সপোন এজাক সাবটি
নৈশব্দ প্ৰতিটো নিশাতে
সংগোপে সৰি থাকে
বিষন্নতাৰ মৰহা নিয়ৰ।
কবিতা নং-৮ শিৰোনামঃ চিৰসেউজ হৈ ৰওক তোমাৰ ভালপোৱা
তুমি দুচুকুলৈ চালেই যদি
প্ৰেমৰ পৃথিৱীত সুখৰ জোনাকে
আৱৰি ধৰে
তেন্তে মোৰ দুচকুৰ কোনোবা কোণত
ৰঙীন সপোন এজাক হৈ বিয়পি পৰা।
তুমি সুখত হাঁহিলেই যদি
মই প্ৰতিটো দুখতো জী উঠো বাৰে বাৰে
তেন্তে তুমি আহি জীৱনৰ প্ৰতিটো খোজত
প্ৰেৰণা হৈ উকা দুহাত খামুচি ধৰা।
তুমি উশাহ সলালেই যদি
শীতৰ অকলশৰীয়া ৰাতিবোৰ দীগলীয়া হয়
বুকুতে মূৰটো গুজি শুনিবলৈ দিবা
তোমাৰ হৃদয়ত সাঁচি থোৱা
মোৰ নামৰ সমস্ত গোপন কবিতা।
কবিতা নং-৯ শিৰোনামঃ কবিতাৰ চিঠি
ব্যস্ত বুলিলেই
চোতালৰ দুবৰি গচকি
ধূলিয়ৰি নকৰিবা নঙলামুখৰ পদূলি
শেষনিষাৰ জোনটো কপালত আঁকি
কুৱলীসনা ৰ'দালি ওঁঠদুটিত সানি
গামোচাখনো তিতা চুলিখিনিৰ খোপাত গুজি
বিচাৰি ফুৰিলে কেনেকৈ হ'ব
কালি গধূলিতে গাৰুৰ তলত সাঁচিথোৱা কাচি।
তুমি যে কোৱা
"মোৰ প্ৰতিটো উশাহত তুমি'
তেন্তে আঘোণৰ সুখত
পাহৰি যোৱা কিয় বুকুৰ উশাহক?
শত্ৰুৰ বন্দুকৰ গুলী
যায় যদি মোৰ বুকুয়েদি
কুশলে থাকিবা নে পঋইয় নাৰী?
কবিতা নং-১০ শিৰোনামঃ দুষ্ট কবিতা
কাষতে বহি মৌন হৈ থাকিলে
স্পৰ্শ নকৰাকৈ কেনেকৈ বুজিব কোৱা
মোৰ ওঁঠে তোমাৰ ওঁঠৰ ভাষা?
বনৰীয়া উশাহ এজাক আছে
তোমাৰ ডিঙিত বগাবলৈ দিয়া।
চকুযুৰি মুদি লোৱা
এন্ধাৰৰ সুগভীৰতাতেই বিয়পি আছে
মোৰ হৃদয়ৰ সমস্ত সেউজীয়া
আঋউ তুমি নিজকে হেৰুৱাৰ সুখত
মোৰ বুকুত সিঁচি দিয়া এনিশা
তোমাৰ বুকুৰ এবুকু উন্মাদনা।
বিঃদ্ৰঃ কবিৰ নাম উল্লেখ নকৰাকৈ কপি-পেষ্টৰ পৰা বিৰত থাকে যেন।










