Alone quotes in Assamese | Loneliness quotes images | Alone, Sad, Loneliness quotes & status in Assamese

Alone & Loneliness Quotes in Assamese- Part 1

“তেতিয়া বেছিকৈ আঘাত পোৱা যায়
যেতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে,
আপুনি তেওঁক যিদৰে প্ৰয়োজনীয় বুলি ভাবে
সেইদৰে কিন্তু আপোনাক লৈ তেওঁ নাভাবে”


“আপুনি সকলো সময়তে সবল হৈ থাকিব নোৱাৰে,
কিছুমান সময়ত আপুনি নিসংগতাত
দুখৰ চকুলো বোৱাব লাগিবই”


“আপুনি প্ৰকৃততে কিমান নিসংগ
সেইয়া কেৱল তেতিয়াহে উপলব্ধি কৰিব পাৰিব
যেতিয়া দিনটোৰ ব্যস্ততাৰ অন্তত
সুখ-দুখৰ কথাবোৰ পাতিবলৈ কোনো কাষত নাথাকিব”


“অৰ্থহীন শব্দবোৰতকৈ
এক গভীৰ অৰ্থপূৰ্ণ নিসংগ সময়
আৰু মৌনতাবোৰ সদায় মূল্যৱান”


“কেতিয়াবা কেতিয়াবা একো কাৰণ নোহোৱাকৈ
সকলোৰে পৰা আঁতৰি গৈ
অকলশৰে সময় কটাবলৈ মন যায়”




“আপোনাক গুৰুত্ব নিদিয়া মানুহৰ মাজত থকাতকৈ
অকলশৰে থকাটো বেছি উত্তম”

“অকলশৰে কটাবলৈ শিকি লওক
কিয়নো জীৱনলৈ অহা সকলো
এদিন নহয় আঁতৰি যাবই”


“জীৱনৰ কিছুমান সময়ত অকলশৰীয়া হ’বলৈ
বহুত কষ্টকৰ হৈ পৰে
আৰু কিছুমান সময়ত অকলশৰীয়া হৈ ভাল লাগে”


“কিছুমান সময়ত আপুনি অকলশৰীয়া
হোৱাটোও খুবেই প্ৰয়োজন
দুখ কৰিবলৈ নহয়;
নিজৰ সময়বোৰ নিজৰ স’তে কটাবলৈ”


“শাৰীৰিকভাৱে মোৰ আশে পাশে
বহুতো চিনাকি আছে কিন্তু
মানসিকভাবে হৃদয়খন খুবেই অকলশৰীয়া”


“আপোনজন লগত থকাৰ পাছতো যদি
আপোনাৰ অকলশৰীয়া যেন লাগে
তেন্তে অকলশৰে থকাই ভাল”

“যদি আপুনি নিজকে সবল কৰিবলৈ
বিচাৰে
অকলশৰে জীয়াই থাকিবলৈও শিকি লওক”

“এজন ভুল সংগীৰ লগত আগবঢ়াতকৈ
অকলশৰে যোৱাটো বেছি উত্তম”

“কিছুমান সময়ত আমি অকলশৰে 
সময় কটোৱাটো খুবেই প্ৰয়োজন
কাৰণ নিসংগতাই আমাক
নিজক চিনিবলৈ শিকায়,
জীৱনটোৰ কথা গভীৰভাবে ভাবিবলৈ শিকায়,
সপোন আৰু আশাবোৰৰ প্ৰতি
শ্ৰদ্ধাশীল হ’বলৈ শিকায়”

“এটা সময়ৰ ৰাতিপুৱা এনেকুৱাও আছিল
যেতিয়া মুখত হাঁহি এটি লৈ বিচনাৰ পৰা উঠিছিলোঁ
আৰু আজিকালি এবাৰো নহঁহাকৈ
গধূলি হয়।”

“নিসংগতাবোৰো কেতিয়াবা কেতিয়াবা
ভাল বন্ধুৰ দৰে হৈ পৰে”

“এটা কথা মনত ৰাখিব যে,
যদিহে আপোনাৰ সংগীজনে আপোনাক
সঁচা ভালপাই তেন্তে আপোনাৰ কেতিয়াও
নিজকে অকলশৰীয়া যেন নালগে”

“জীৱনৰ পৰা কোনোবা এজন আঁতৰি গ’লেই 
জীৱনটো শূন্য হৈ নাযায়,
মনত ৰাখিব যে এজোপা গছেও
প্ৰতিবছৰে নিজৰ পাতবোৰ হেৰুৱাই”

“লাগিলে অকলশৰে জীয়াই থাকক
কিন্তু হৃদয়ত অনুভৱ নথকাকৈ
অথবা প্ৰয়োজনত পৰি কেতিয়াও
কাৰোৰে লগত সম্পৰ্ক নগঢ়িব”

“কাৰো সহানুভূতি, সান্ত্বনা অথবা
মৰম-ভালপোৱাই আপোনাক
সুখী কৰিব নোৱাৰে যদিহে আপোনি
অতীতৰ কাৰোবাক পাহৰিবলৈ
বৰ্তমানত কাৰোবাক ব্যৱহাৰ কৰি আছে”

Next Post Previous Post