Friendship Quotes & Status in Assamese | Real Friend's Quotes in Assamese | Quotes on True Friend

Assamese Quotes and Status on Friendship

১)
চেহেৰাৰ ৰং দেখি কাৰো সৈতে বন্ধুত্ব নগঢ়িব,
দেহৰ ৰং কলা হ’লেও একো নাই
কিন্তু হৃদয়ৰ ৰং কলা হ’ব নালাগে।

২) 
দুখত সহানুভূতি যচা সংগী বহুতো পাব
কিন্তু অভাৱত আপোনাৰ লগত থাকি
প্ৰেৰণা দিয়াজনহে আপোনাৰ প্ৰকৃত বন্ধু।

৩)
বন্ধুৰ সৈতে সদায় কথা পাতক বা নাপাতক
যদি দুয়োজনৰ হৃদয়ত দুয়োজনৰ প্ৰতি
মৰম আৰু সন্মান থাকে 
তেন্তে সম্পৰ্কটো যুগমীয়া হৈয়ে থাকিব।

৪)
যিজন হৃদয়ৰ পৰাই সঁচা
তেওঁ যিমানেই কাজিয়া বা অভিমান নকৰক কিয়
আপোনাৰ জীৱনৰ কেতিয়াও আঁতৰি নাযায়।

৫) 
বহতো চিনাকি মানুহেই মনত পেলাই মোক
কিন্তু কেৱল নিজৰ নিজৰ প্ৰয়োজনতহে

৬)
জীৱনত যেতিয়া আপোনাক বুজি পোৱা
এজনৰ লগত বন্ধুত্ব গঢ়ি উঠিব তেতিয়া
জীৱনত সুখী হ’বলৈও সহজ হৈ পৰিব।

৭)
লাগিলে বন্ধত্ব কমকৈ গঢ়ক কিন্তু 
হৃদয়ৰ পৰাই গঢ়ক


৮)
বন্ধুত্ব কেতিয়াও বিশেষ লোকৰ লগত হৈ নাযায়,
যাৰ লগত বন্ধুত্ব হৈ যায় তেওঁয়েই আমাৰ বাবে 
বিশেষ হৈ পৰে।

৯)
বন্ধুত্ব আইনাৰ দৰেই থুনুকা
কিয়নো এবাৰ ভাঙি যোৱাৰ পিছত
পুনৰ গঢ়ি উঠিলেও ভাঙি যোৱাৰ দাগ থাকিয়েই যায়।

১০)
বন্ধু এনে এজন চোৰৰ দৰে
যি আমাৰ দুচকুৰ পৰা অশ্ৰু
চেহেৰাৰ পৰা ভাগৰ, হৃদয়ৰ পৰা উদাসীনতা,
জীৱনৰ পৰা বিষাদ আৰৰ ইচ্ছা কৰিলে ভাগ্যৰ পৰা
মৃত্যুকো চুৰি কৰি লৈ যাব পাৰে।

১১)
চকুলো দুচকুৰে কেতিয়াবা বাগৰি গ’লেহে
অনুভৱ হয় যে, জীৱনত এজন 
সঁচা বন্ধুৰ প্ৰয়োজন কিমান।

১২)
য’ত লগত বন্ধু থাকে
তাত সীমাৱদ্ধতা বুলিবলৈ একো নাথাকে

১৩)
মানুহে কয়, ইমানো বন্ধুত্ব নকৰিবা যে
কোনোবাই তোমাৰ পিঠিত নাচিবলৈ লয়
কিন্তু মই কওঁ
বন্ধুত্ব ইমানেই সবল কৰি গঢ়া যে
শত্ৰুৱেও তোমাক ভালপাবলৈ লয়।

১৪)
বন্ধু বুলি ক’বলৈ জীৱনত অলেখ
বন্ধু আছে কিন্তু বন্ধুত্ব একেবাৰে কম 
মানুহৰ লগতহে আছে।

১৫) 
কেইদিনমানৰ কাৰণে বন্ধুবোৰক 
প্ৰথমে কবৰ ল’বলৈ এৰি দিয়কচোন,
সম্পৰ্কবোৰ সঁচা নে মিচা
চিনিবলৈ সহজ হৈ পৰিব।

১৬)
সহায় কৰাজনেই যে কেৱল বন্ধু
তেনে নহয়, জীৱনৰ জটিল সময়বোৰত
এষাৰ মাতেৰে উৎসাহ আৰু সহাৰি জনোৱানো বন্ধু।

১৭)
সেইজন বন্ধু হ’বই নোৱাৰে
যিজনে কেৱল নিজৰ প্ৰয়োজনতহে
অথৱা নিজেই এনেই থকা
সময়তহে আপোনাক মনত পেলায়।

১৮)
বন্ধু লাগিলে কমেই থাকক কিন্তু
জীৱনত এনেকুৱা এজন বন্ধু থাকিব লাগে
যিজনে আপোনাৰ শব্দবোৰতকৈ
আপোনাৰ মৌনতাখিনিক বেছি বুজি পায়।

১৯)
জীৱনত এনে এজন বন্ধু বা সংগী থকাটো
খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ
ক’বলৈ ভাবিবলগীয়া নহয়।

২০)
এনেয়তো জীৱনৰ বাটত হাজাৰজন বন্ধু পাব
কিন্তু আপুনি সেইজন বন্ধুৰ লগতহে আগবাঢ়ক
যিজনে আপোনাক হাজাৰ ভীৰ আৰু ব্যস্ততাৰ মাজতো পাহৰি নাযায়।
Next Post Previous Post