Motivational & Inspiring Quotes in Assamese | Best Life Motivation Whatsapp Status in Assamese

কিছুমান ভাললগা কথা, যোগাত্মক ভাৱৰ ধাৰণা, প্ৰেৰণাদায়ক মটিভেট কৰিব পৰা কিছুমান শব্দইও আমাক জীৱনৰ বহু মসয়ত অনুপ্ৰেৰণা যোগায়। জীৱনটো আমি বিচৰা ধৰণেৰে বা আমি ভবাৰ ধৰণেৰে নাপাবও পাৰো। জীৱনৰ জটিল সন্ধিক্ষণত নাইবা জীৱনলৈ অহা যিকোনো সমস্যা, দুখৰ সময়ত যদি কাষত কোনোবাজন আপোন মানুহ থাকে তেন্তে আমাৰ সেই সময়খিনি যথেষ্ট পাতল হে পৰে কিন্তু বহসময়ত আমাৰ কাষত কোনো নাথাকে আৰু সেই সময়তে আমাক প্ৰেৰণা আৰু উৎসাহ জন্মাব পৰা কিছুমান উৎসৰ প্ৰয়োজন হয়। বন্ধুসকল আজি আমি কেইটামান উক্তি তলত উল্লেখ কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে পঢ়ি ভাল পাব।

Assamese Quotes & Whatsapp Status Photos on Life



"আমাৰ জীবনটোৱেই এক প্ৰত্যাহ্বান
গতিকে জীৱনৰ অকনমান সমব যুঁজি
ভাগৰি হাৰি গ'লে নহ'ব" 


 জীৱনত কেতিয়াবা ভাগৰি পৰোঁ
কেতিয়াবা নিজৰ লগত
কেতিয়াবা ভাগ্যৰ লগত
কেতিয়াবা সময়ৰ লগত
আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লাগত


 কিছুমান মানুহে আমাক তেতিয়ালৈকেহে
ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে 
আমাক ব্যৱহাৰ কৰি থাকিব পাৰে

আনে যিমানেই যি নকওক কিয়
আপুনি মনে মনে থাকিবলৈ শিকক
কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও
পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে

জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক
গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো
এবাৰ হেৰাই যোৱাৰ পাছত
জীৱনো উভটি নাহে, আপোন মানুহবোৰু নাহে।

সময়বোৰ আপোনাৰ নিজৰ
কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক
সোণৰ দৰে সজাব পাৰে
যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত
কটাই নষ্টও কৰিব পাৰে

যদি মোক আপুনি বেয়া পাই পাওক
কিন্তু নিজৰ লগতে আনকো
বেয়াকৈ কৈ সাঙুৰি নল'ব।

জীৱনত সুখী হ'বলৈ হ'লে
যিবোৰক ভাল পাই
সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক
নতুবা জীৱনত যি আছে
তাক ভাল পাবলৈ শিকি লওক

পৃথিৱীখন সলনি কৰিবলৈ হ'লে
নিজেই ভাল কৰ্ম কৰি উদাহৰন দিয়ক
উপদেশৰ প্ৰয়োজন নাই

সফলতা কেৱল দুটা কলাৰ 
ওপৰত নিৰ্ভৰ কৰে
সেই কলা দুটা হৈছে
চেষ্ট আৰু পৰিশ্ৰম

বন্ধুসকল যদি কথাখিনি আপোনাৰ ভাল লাগিছে তেন্তে আমাক সঁহাৰি আৰু উৎসাহ জনাবলৈ তলৰ শ্বেয়াৰ বুটমত ক্লিক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। উক্ত ফটোবোৰ আমাৰ অফিচিয়েল ফেচবুক পেজ 'নিৰিবিলি'তো পাব গতিকে পেজটো চবলৈ ভিজিট কৰিব www.facebook.com/niribili.official
Next Post Previous Post