Heart Touching Love Quotes in Assamese | Sad Whatsapp Status in Assamese with Imagese

 


১) তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে

২) আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ,
জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি

৩) যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায়
আৰু ভালপোৱা তেওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে

৪) তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে


৫) আমি সেইজনকহে বেছিকৈ বিচাৰোঁ যিজনে আমাক গুৰুত্বই দিব নিবিচাৰে।

৬) কাৰোবাক ইমানো বেছি ভাল নাপাব যে তেওঁক গোটেই জীৱন পাহৰিবলৈ নোৱাৰিব।

৭) কামনা কৰো যে, যিটো পলত তুমি হাঁহা সেই পল চিৰদিন থমকি ৰওক

৮) অকণমান ভুলতেই কাৰোবাৰ পৰা আঁতৰি আহি 
সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাব কাৰণ 
এই পৃথিৱীত কাৰোবাক আপোন কৰিবলৈ গোটেই জীৱন লাগি যায়।



৯) কোনোবা ভাঙি গ’লে তেওঁক সজাবলৈ শিকক,
কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক,
সম্পৰ্ক এটাক সফল কৰাটোও সহজ কেৱল
মাত্ৰ পালন কৰিবলৈ শিকক।


১০) সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে
যিজনে কেৱল নিজৰ প্ৰয়োজনত হে আপোনাক মনত পেলায়।

১১) যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে সেইজনৰ বাবে
আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ।


১২) প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ’লহেতেন ভগৱানে কেতিয়াও হৃদয় নবনালেহেতেন।


১৩) আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে তাক চিন্তা বা দুখ নকৰিব কিয়নো
জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন।


১৪) ভালপোৱাত সদায় ইজনে সিজনক
 বুজিবলৈ চেষ্টা কৰিব লাগে
জুখিবলৈ নহয়।


১৫) তেওঁ কাষত থাকক বা নাথাকক
তেওঁ সময় দিয়ক বা নিদিয়ক
ইজনৰ আনজনৰ প্ৰতি থকা সন্মান
আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে


‌১৬) সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়; ইয়াক গঢ়িব লাগিব।

১৭) যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি
আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনএ কেতিয়াও
আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু
যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে
সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।


১৮) অকলশৰেই পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা
জীৱনৰ প্ৰতিটো বাটত তোমাৰ সতে সংগী নাথাকে।

১৯) সেইজন কেতিয়াও কাৰোৰে আপোন হ’ব নোৱাৰে
যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে।

২০) এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি

২১) গুৰুত্ব দিবলৈ শিকি লোৱা
কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ 
আঁতৰি গ’লে উভটি নাহে।

Next Post Previous Post