Niribili Quotes Collection | Niribili Page Status | Niribili Images & Photos in Assamese

Description: Niribili is a popular Assamese Facebook page. Basically, the Niribili Facebook page uploading Photos and Posts of Assamese Quotes & Status. Most probably the page was the first Assamese Facebook page whose was posting Assamese quotes photos on Facebook. Niribili Facebook page was created in the year 2014.

NiribiliQuote.in is the official website of Niribili Facebook Page. 

Niribili Page Quotes and Status

১)
ভগৱানে কয় “উদাস নহ’বা; কিয়নো মই
তোমাৰ লগতে আছোঁ, 
সন্মুখত নহ’লেও আশা-পাশে ক’ৰবাত আছোঁ,
দুচকু মুদি হৃদয়েৰে মনত পেলাবা
মই আৰু কোনো নহয়
মই তোমাৰ বিশ্বাসত আছোঁ।”

২)
কাৰোবাক হৰুৱাতো খুব সহজ
কিন্তু কাৰোবাৰ জয়ৰ বাবে
নিজেই হাৰি যোৱাটোহে কঠিন।

৩)
হৃদয়খন কাৰোবাক দি
শৰীৰটো আন কাৰোবাক গতাই দিয়া মানুহবোৰৰ 
বাবেই প্ৰেমৰ পবিত্ৰতা আৰু বিশ্বাসৰ গভীৰতা 
ক্ৰমশ নাইকীয়া হৈ আহিছে


৪)
তোমাৰ প্ৰতিছ্ববি মোৰ দুচকুত আছে
তোমাৰ স্মৃতিবোৰ মোৰ নিসংগতাত আছে,
ইচ্ছা কৰিও পাহৰিব পৰা নাই তোমাক
তোমাৰ ভালপোৱাবোৰ যে মোৰ প্ৰতিটো উশাহত আছে।



৫)
এই দূৰত্বখিনি ফাগুনৰ অজুহাত লৈয়ে আতৰাই পেলোৱা
হৃদয়ত যে এতিয়া হোলীৰ বতৰ
পচোৱাত আবিৰৰ দৰে ভাহি 
শৰীৰটোৰ দৰে হৃদয়খনো ৰঙীণ কৰি তোলা।



৬)
প্ৰেম আৰু মৃত্যু প্ৰায় একেই
জীৱনলৈ কেতিয়া কেনেকৈ আহে
একোকে ধৰিব নোৱাৰি,
পাৰ্থক্য মাথো এইখিনিতে
প্ৰেমক হৃদয়খন দিব লাগে আৰু 
মৃত্যুক জীৱনটো দিব লাগে।


৭) 
ছোৱালীয়ে জীৱনত বহুত উপহাৰ পাই
কিন্তু কোনো ল’ৰাই দিয়া সন্মান 
ছোৱালীৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ।


৮)
যেতিয়ালৈকে আপোনি আপোনাৰ সমস্যা
আৰু কঠিনতাসমূহৰ বাবে আনক দায়ী
সজাই থাকিব তেতিয়ালৈকে আপুনি আপোনাৰ
সমস্যা আৰু কঠিনতাসমূহ দূৰ কৰিব নোৱাৰে।

৯)
প্ৰেম কৰাসকলে দুচকুৰ কথাও বুজে
সপোনত লগ পালেও মিলন বুলিয়ে ভাৱে
কান্দোতে তো আকাশেও কান্দে প্ৰেমৰ বাবে
কিন্তু মানুহবোৰে বৰষুণ বুলি ভাবে।


১০)
না দুচকুত জিলিকে 
না কাগজত আখৰ হ’ব পাৰে
না দুটি ওঁঠে প্ৰকাশ কৰিব পাৰে
কিছু দুখ এনেকুৱাও থাকে
যি ভিতৰি ভিতৰি বৈ থাকে।


১১)
হে মোৰ কবি বন্ধু
শব্দবোৰ যিদৰে সজায় তোলা
সেইদৰে পাৰা যদি
মোৰ হৃদয়খনো সজাই তোলা।

১২) 
এই সময়েই তোমাক তোমাৰ লক্ষলৈ লৈ যাব
মাথো ধৈৰ্য ধৰা, কেতিয়াবা শুনিছা জানো
নিশাই ৰাতিপুৱাবলৈ নিদিয়া?


১৩)
তুমি মোৰ মাজত জীয়াই থাকা বাবেইতো
মই তোমাৰ বাবে জীয়াই থাকোঁ।

১৪)
পৃথিৱীখনৰেই প্ৰেমত পৰি যাওঁ যেতিয়া তুমি কোৱা
“তোমালৈ বৰকৈ মনত পৰিছে”

১৫) 
স্মৃতিবোৰো সঁচাকৈ আঁচৰিত
যি ক্ষণত কান্দিছিলোঁ
সেই সময়ক মনত পেলাই হাঁহি উঠোঁ
আৰু যি সময়ত হাঁহিছিলোঁ
সেই সময়ক মনত পেলাই কান্দো।



১৬)
আপোনাৰ সন্তানক ধনী হ’বলৈ শিক্ষা নিদিব
তাৰ পৰিৱৰ্তে সুখী হ’বলৈ শিক্ষা দিয়ক
যাতে জীৱনৰ ভৱিষ্যতত তেওঁলোকক
বস্তুৰ মূল্যক বুজি পায়; দামক নহয়।



১৭)
কি অধিকাৰত খুজি ল’ম তোমাৰ পৰা
মোৰ হৃদয়ে বিচৰা সময়খিনিক?
কিয়নো না এই সময় মোৰ
না এই সময়ত তুমি মোৰ।

১৮) 
তোমাৰ ওপৰত খং অভিমান 
যিমানেই নকৰো কিয়,
তোমাৰ পৰা আঁতৰি যোৱাৰ কথা 
ভবাই হোৱা নাই।

১৯)
যদি তেওঁলোকে সন্মান কৰে আপুনিও কৰক
যদি তেওঁলোকে আপোনাক সন্মান নকৰে
তেতিয়াও আপুনি তেওঁলোকক সন্মান কৰক
কাৰণ আনৰ কাৰ্যত আপোনাৰ চৰিত্ৰক
সলনি হ’বলৈ নিদিব কিয়নো আপুনি নিজক
প্ৰতিনিধিত্ব কৰে, আনক নহয়।

২০)
ইয়াতকৈ আৰু তোমাক কিমান 
কাষ চপাই আনিম
হৃদয়ত মাথো তোমাকে ৰাখিলেও
হৃদয়ৰ হেঁপাহখিনি অসম্পূৰ্ণ হৈয়ে ৰয়।


Next Post Previous Post