অসমীয়াত মহৎ লোকৰ বাণী | মহান ব্যক্তিৰ উক্তি | Assamese New Quotes By Great People

মহৎ লোকৰ বাণী |  Assamese Quotes By Great People


লাগিলে মানুহ কমেই থাকক কিন্তু যদি সংকল্পৱদ্ধ হয় আৰু নিজৰ লক্ষ্য তথা আশাৰ প্ৰতি দৃঢ় হয় তেনে ব্যক্তিয়ে ইতিহাসকো সলনি কৰিব পাৰে৷
- মহাত্মা গান্ধী


প্ৰতিজন মানুহেই কয় যে “মই ভাল মানুহ” কিন্তু আনে আপোনাৰ বিষয়ে কি ভাবে সেইটোহে আচল কথা৷


সুখবোৰ সাঁচি ৰাখিলে সৰু হৈ পৰে গতিকে সুখক বঢ়াবলৈ হ’লে সুখবোৰ ভগাই ল’ব লাগিব৷


উঠা, সাৰপোৱা, যোৱা
লক্ষ্যৰ বাবে ৰৈ নাথাকিবা
- স্বামী বিবেকানন্দ


দুজন লোকৰ বন্ধুত্বত এজনৰ ধৈৰ্য্য খুবেই প্ৰয়োজন


সত্যতকৈ ডাঙৰ ভগৱানো নহয়
- মহাত্মা গান্ধী


কাৰোবাক সহজতে ক্ষমা কৰি দিয়াজন কেতিয়াও দুৰ্বল নহয় বৰঞ্চ সামৰ্থ্যৱান এজনেহে আনক ক্ষমা কৰিব পাৰে
- মহাত্মা গান্ধী


কষ্ট কৰিলে দৰিদ্ৰতা নাথাকে
ধৰ্ম কৰিলে পাপ নাথাকে
সেইদৰে মৌন হৈ থাকিলে বদনাম নাথাকে
-  চাণক্য


খং এনে এজাক ধুমুহা যি বিবেকক নষ্ট কৰি পেলায়


হাজাৰ যোদ্ধাৰ লগত বিজয়ী হোৱাতকৈ যিজনে নিজৰ মনটোৰ লগত জয়ী হয় সেইজনেই প্ৰকৃত যোদ্ধা
- গৌতম বুদ্ধ


নিজকে সংকটত পেলাই হ’লেও যিজনে নিজৰ কাম সম্পূৰ্ণ কৰে সেইজনহে বিজয়ী হয়; ভয়াতুৰজন নহয়
-  জৱাহৰলাল নেহৰু


সকলোতকৈ উত্তম তীৰ্থ নিজৰ মনটো যি বিশেষ ৰূপত শুদ্ধ হৈ থাকে
- স্বামী শংকৰাচাৰ্য 


কৰ্ম, জ্ঞান আৰু ভক্তিৰ সমাগমেই জীৱনৰ তীৰ্থৰাজ
- দীননাথ দীনেশ


মনটো এক দুৰ্বল শত্ৰু যি সদায় পিঠিৰ পাছৰ পৰা আক্ৰমণ কৰে
- প্ৰেমচন্দ


এনে দেশত ত্যাগ কৰিব লাগে য’ত সম্পত্তি বহুত আছে কিন্তু সন্মান নাই
- বিনবা


ভাল শব্দৰ ব্যৱহাৰে বেয়া মানুহৰো হৃদয় জিনিব পাৰি
- ভগৱান বুদ্ধ


মানুহৰ আটাইতকৈ ডাঙৰ যদি কিবা শত্ৰু আছে তেন্তে সেইয়া হৈছে অজ্ঞান
- চাণক্য


প্ৰয়োজনাধিক আশাই মানুহৰ সকলো দুখৰ মূল কাৰণ
- বুদ্ধদেৱ


যদি পথত কাঁইট আছে আৰু আপোনাৰ দুভৰি উলংগ তেন্তে সেই পথ সলনি কৰি দিয়াটো উচিত
- চাণক্য


মানুহৰ পতন কৰ্মৰ বাবে নহয় বৰঞ্চ কৰ্মত অনিয়মতাৰ বাবেহে পতন হয়
- চাণক্য


যি সকলোৰে চিনাকি সেইজন কাৰোৰে আপোন নহয়
- আশো


ক্ৰোধত মানুহে নিজৰ মনৰ কথা কোৱাতকৈ আনৰ হৃদয়ত বেছিকৈ আঘাত কৰে।
- মুঞ্চী প্ৰেমচন্দ


আপোনাৰ লক্ষ্য ক’ত, সেইটো যদি ঠিক কৰিব নোৱাৰে তেন্তে কোন পথে খোজ দিব সেইয়া কেনেকৈ জানিব? আপোনাৰ লক্ষ্যই আপোনাৰ পথ নিৰ্ধাৰণ কৰিব। 
-লিটন


আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা উচিত, নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিব
-চক্ৰেটিচ


ক্ৰোধ নকৰিব নিজৰে সৰ্বনাশ হ'ব, অহংকাৰ নকৰিব নিজৰেই পতন হ'ব, 
কাকো ঘৃণা নকৰিব, নিজেও ঘৃণিত হ'ব, ফাঁকি নিদিব, ফাঁকত পৰিব।
 - স্বামী বিবেকানন্দ।


যদি তুমি বেলিৰ দৰে জিলিকিব বিচৰা
তেন্তে বেলিৰ দৰে জ্বলিবও শিকা
- এ পি জে আব্দুল কালাম



যিবোৰ মানুহ সাধাৰণ আৰু সৰল
সেইসকল মানুহেই পৃথিৱীৰ আটাইতকৈ ভাল মানুহ
- আব্ৰাহম লিংকন


বিজয়ীজনক কেতিয়াও সোধা নহয়
যে তেওঁ সঁচা কৈছে নে মিছা কৈছে
- এদল্ফ হিলটাৰ


যিবোৰ মানুহে আপোনাক হিংসা কৰে
তেওঁলোকক নিজৰ সফলতাৰে প্ৰত্যুত্তৰ দিয়ক
আৰু হাঁহিৰে পাহৰি পেলাওক
- অনাল্ড

জীৱনটো দীঘল হোৱাৰ পৰিৱৰ্তে
মহান হোৱা উচিত
- বি আৰ আম্বেদকাৰ

যদি তুমি দুখীয়া হৈ জন্ম হৈছা সেইয়া
তোমাৰ ভুল নহয় কিন্তু যদি তুমি দুখীয়া
হৈ মৰিছা তেন্তে সেইয়া একমাত্ৰ তোমাৰ ভুল।
- বিল গেটচ্

মিত্ৰ বনোৱাত ধীৰে ধীৰে আগবাঢ়ক
আৰু সলনি কৰাত তাতকৈও ধীৰে যাওক।
- বেঞ্জামিন ফ্ৰেংকলীন

জীৱন কেৱল নিজৰ সামৰ্থতাতহে জীয়াই থাকিব পাৰি
আনৰ কান্ধত কেৱল নিজৰ শেষ যাত্ৰাহে কৰিব পাৰি
- ভগত সিং

আপোনাৰ হাঁহিটো আপোনাৰ মুখত ভগৱানে কৰা এটা স্বাক্ষৰৰ দৰে
গতিকে ইয়াক নিজৰ চকুপানী নাইবা ক্ৰোধেৰে মোহাৰি নেপেলাব।
- বি কে শিৱানী

তোমাৰ মাজত বৰ্তমান সেইবোৰ সকলো আছে
যি তোমাক জীৱনৰ প্ৰতিটো সমস্যাৰ সন্মুখীন
হ’বলৈ সামৰ্থ্যৱান কৰি তুলে।
- ব্ৰেইন ট্ৰেচী

আমাৰ দুখবোৰ কাৰোবাৰ বাবে হাঁহিৰ পাত্ৰ হ’ব পাৰে
কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমাৰ হাঁহিবোৰ যাতে
কাৰোবাৰ দুখৰ কাৰণ হ’ব নালাগে।
- চাৰ্লি চেপলিন
Next Post Previous Post