Family Quotes in Assamese | Quotes & Status on Family in Assamese| পৰিয়ালৰ উক্তি অসমীয়াত

Family Quotes in Assamese | Quotes & Status on Family in Assamese| পৰিয়ালৰ উক্তি অসমীয়াত


 এটা পৰিয়াল এজোপা বৃক্ষৰ দৰে
আৰু পৰিয়ালৰ সদস্যবোৰ গছজোপাৰ ডালৰ দৰে,
গছজোপাৰ প্ৰতিটো ডাল বিভিন্ন দিশত আগবাঢ়ে কিন্তু
সকলোৰে গা-গছ একেই।


বাস কৰিবলৈ সকলোকে এটা ঘৰ লাগে
কিন্তু এখন ঘৰ হ’বলৈ হ’লে আপোন মানুহখিনিৰ স’তে
এটা পৰিয়াল থকাটো নিতান্তই প্ৰয়োজনীয়।


পৰিয়ালটো এটা গানৰ দৰে,
কাৰোবাৰ সুৰ উচ্চ আৰু কাৰোবাৰ সুৰ নিম্ন
কিন্তু সদায় সকলোৱে মিলি এটা সুন্দৰ গান হৈ পৰে।



পৰিয়ালৰ মানুহখিনিৰ লগত আমি যেনেকৈয়ে কথা নাপাতো কিয়
হৃদয়ত আপোন বুলিবলৈ পৰিয়ালটোৱেই একমাত্ৰ।


পৃথিৱীখনৰ বাবে আপুনি জন সাধাৰণ মানুহ মাত্ৰ
কিন্তু আপোনাৰ পৰিয়ালটোৰ বাবে আপুনিয়ে পৃথিৱী
গতিকে নিজৰ যতন লওক
নিজৰ বাবেও; নিজৰ আপোন মানুহখিনিৰ বাবেও।


মাটিৰ কলহ আৰু পৰিয়ালৰ মূল্য
কেৱল বনোৱাজনেহে বুজি পায়; ভঙাজনে নহয়।


পেট পূৰাবলৈ উপাৰ্জন কৰাটো ডাঙৰ কথা নহয়
কিন্তু পৰিয়ালৰ সকলোৰে লগত একেলগে খোৱাটোহে আচল কথা।


শিল তেতিয়ালৈকে সবল হৈ থাকে যেতিয়ালৈকে পৰ্বতৰ লগত মিলি থাকে,
পাত তেতিয়ালৈকে হৈ থাকে যেতিয়ালৈকে গছৰ ডালৰ লগত থাকে,
সেইদৰে ব্যক্তিও তেতিয়ালৈকে সুৰক্ষিত হৈ থাকে যেতিয়ালৈকে পৰিয়ালৰ লগত থাকে
কিয়নো পৰিয়ালৰ পৰা আঁতৰি আহিলে স্বাধীনতা নিশ্চয় পাব কিন্তু সংস্কাৰ নাপাব।


পৰিয়াল জীৱনৰ সেইটো অংশ য’ত আমাৰ জীৱন আৰম্ভ হয়
আৰু ভালপোৱাৰ কেতিয়াও অন্ত নহয়।


বহুত মানুহে নিজৰ ভাগ্য বনাই ল’ব পাৰে
কিন্তু একেবাৰে কম মানুহেহে এটা পৰিয়াল বনাব পাৰে।


এটা কথা মনত ৰাখিব যে, আমাৰ পৰিয়ালটোৱেই
আমাৰ প্ৰকৃত শক্তি যি জীৱনৰ জটিল সময়ৰ লগত
যুঁজিব পৰাকৈ আমাক সহায় কৰে।


পৰিয়ালতকৈ ডাঙৰ একো ধন নাই
দেউতাতকৈ ডাঙৰ কোনো পৰামৰ্শদাতা নাই,
মা’ৰ অন্তৰতকৈ বিশাল একো নাই,
ককাই-ভাইতকৈ ডাঙৰ কোনো ভাগীদাৰ নাই,
বাই-ভনীতকৈ ডাঙৰ কোনো শুভচিন্তক নাই
সেয়েহে পৰিয়ালতকৈ ডাঙৰ কোনো জীৱন নাই।


প্ৰেমৰ আন এক নাম পৰিয়াল
গতিকে নিজৰ পৰিয়ালটোক মৰম আৰু বিশ্বাসেৰে
সবল কৰি ৰাখক, মনত ৰাখিব যে
জীৱনৰ গতানুগতিক ব্যস্ততাৰ যাত্ৰাত
পৰিয়ালটোক যাতে পিছত এৰি নাহে।


যদি জীৱনটো এক যাত্ৰা হয় 
তেন্তে পৰিয়ালটো সেই যাত্ৰাৰ
আটাইতকৈ সুন্দৰ সহযাত্ৰী হয়।


যদি আপোনাৰ জীৱনত এটা পৰিয়াল নাই
তেন্তে আপোনাৰ জীৱনত সুখবোৰ অনৰ্থক।


আপুনি আপোনাৰ পৰিয়ালটোক দিব পৰা
আটাতকৈ ডাঙৰ উপহাৰ হৈছে
“আপুনি নিৰোগী হৈ থকাটো”


মনত ৰাখিব যে আমাৰ পৰিয়ালটো যিদৰে আমাৰ শক্তি
সেইদৰে আমাৰ দুৰ্বলতাও আমাৰ পৰিয়ালটোৱেই।


এজন মানু্হে নিজৰ লক্ষ্যত উপনীত হ’বলৈ যাওঁতে
নিজৰ পৰিয়ালটোক উপেক্ষা কৰিব নালাগে।


যদি আপোনাৰ জীৱনত পৰিয়াল আছে তেন্তে অভিন্দন
আপোনাৰ কথা চিন্তা কৰিবলৈ অন্ততঃ কোনোবা আছে।


এটা সুখী পৰিয়াল হেনো 
সৰগতকৈ প্ৰথম সৰগ।


কোনো তিৰোতাৰ আটাইতকৈ উত্তম কৰ্তব্য হৈছে
তেওঁ নিজৰ পৰিয়ালটোৰ স্তম্ভৰ দৰে হোৱাটো।


বহুতো দায় দোষ থকাৰ পাছতো পৰিয়ালৰ কোনো
দ্বিতীয় বিকল্প নাথাকে।


ব্যক্তি এজনৰ ভাল ব্যৱহাৰ আৰু সু-সংস্কাৰে
সদায় তেওঁৰ পৰিয়ালটোক প্ৰতিনিধিত্ব কৰে।



Next Post Previous Post