How to be success- জীৱনত সফল হ’বলৈ এই দহটা উক্তি নিশ্চয় মনত ৰাখিব


জীৱনটো ক্ৰমশঃ আগবাঢ়ি অহাৰ লগে লগে আমাৰ ঘৰখনৰ প্ৰতি, মা-দেউতাৰ, পৰিয়ালটোৰ প্ৰতি লগতে আমাৰ সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰণীয় বহুতো বাঢ়ি আহে৷ নিজৰ কেৰিয়াৰৰ চিন্তা, আত্মনিৰ্ভৰশীল হোৱাৰ  চিন্তা, উপাৰ্জনৰ চিন্তা আদিবোৰে আমাক মানসিকভাবে ব্যতিব্যস্ত কৰি তোলে৷ জীৱনৰ এই সময়ছোৱাত আমি যি হ’বলৈ য়ি কৰি আছোঁ সেইয়া সফল হ’বলৈ আমাৰ শৰীটোৰ লগতে মনটোও সবল হৈ থাকিব লাগিব৷ বন্ধুসক মনটোক ভাল ৰাখিবলৈ সদায় নিজৰ চিন্তাধাৰা পজিটিভ কৰি ৰাখিব লাগে লগতে ভাল ভাল বন্ধু বান্ধৱীৰ লগত এক সুসম্পৰ্ক বৰ্তাই ৰাখিব লাগে৷ ভাললগা কথা, প্ৰেৰণাদায়ক ভিডিঅ আদিবোৰ আমি শ্বেয়াৰ কৰিব লাগে যাতে আমাৰ শুভাকাংক্ষী আৰু বন্ধুবৰ্গ তথা আপোন মানুহবোৰে পঢ়িবলৈ পাই আৰু অভিৰোচন হয় তথা উৎসাহ পাই৷

বন্ধুসকল জীৱনত আমি সফল হ’বলৈ হ’লে আমি আমাৰ অতি একাগ্ৰতাৰে আৰু নিষ্ঠাৰে কৰি যাব লাগিব৷ মনত শক্তি আৰু সাহস জন্মাবৰ বাবে আমি বিশ্বৰ মহান মহান ব্যক্তিয়ে সফলতা প্ৰাপ্তিৰ বাবে কোৱা কিছুমান উক্তি পঢ়ি উপলব্ধি কৰাৰ লগতে সেইবোৰ প্ৰয়োগ কৰি চাবলৈ আগ্ৰহী হ’ব লাগে৷ তলত সফলতাৰ কেইটামান উক্তি  উল্লেখ কৰিছোঁ৷

১) আমি অসফল হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমি চেষ্টা আৰু প্ৰয়াস কৰিবলৈ দিয়ে কিন্তু ড° এ পি জে আব্দুল কালাম ছাৰে কৈছিল যে, সফল হোৱাৰ এটা মূলমন্ত্ৰ হৈছে “আৰু এবাৰ চেষ্টা কৰা যাওক”

২) আমি এটা কথা দৃঢ়তাৰে বিশ্বাস কৰি ল’ব লাগিব যে, অসফল তেতিয়ালৈকে হ’ব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ মনত সফল হোৱাৰ উদ্যমতা জীয়াই থাকিব৷

৩) যেতিয়ালৈকে আমি কামটো কৰিবলৈ আৰম্ভই নকৰোঁ তেতিয়ালৈকে সেই কামটো অসম্ভৱ যেনেই লাগে গতিকে কামটো নোৱাৰোঁ, নকৰোঁ বুলি ভাবি থকাতকৈ কামটো সোনকালেই আৰম্ভ কৰি দিয়ক

৪) সপোন সঁচা কৰিবলৈ বা বাস্তৱত পৰিণত কৰিবলৈ হ’লে ৰাতিৰ টোপনিত সপোন দেখিলে নহ’ব; দিনত নিজৰ কৰ্মৰ মাজত দেখিব লাগিব

৫) ভাল তথা মহৎ কৰ্ম বলেৰে নহয়; একেলেথাৰিয়ে ধৈৰ্যসহকাৰে কৰি থাকক, সফল হ’বলৈও সহজ হ’ব৷

৬) যদি আপুনি সেইটো কামেই কৰি থাকে যিটো আগৰে পৰা কৰি আছে তেন্তে সেই কৰ্মৰ ফল বা প্ৰাপ্তি হিচাপে আপুনি সিমানেই পাব যিমান আগৰে পৰা পাই আহিছে৷ যদি কিবা কাম বহুত দিন কৰি থকাৰ পাছতো তাৰ প্ৰাপ্তি খুব কম হয় তেন্তে কামটো সলনি কৰি দিয়ক নতুবা কাম কৰাৰ ধৰণ সলনি কৰি দিয়ক৷

৭) আপুনি জানে যে আপুনি কৰি থকা বেয়া নহয় গতিকে সেই কামটোক লৈ আনে কি ভাবিব বা আনে কি ক’ব ইত্যাদি কথাবোৰ আপুনি ভাবি সময় নষ্ট নকৰিব তাৰ পৰিবৰ্তে নিজৰ কাম সময়মতে কৰি যাওক৷

৮) এটা কথা সদায় মনত ৰাখিব যে জীৱনত সফল আৰু সুখী হ’বলৈ একো চৰ্টকাট নাই৷ আপোনাৰ যিমান দক্ষতা আৰু কৰ্মস্পৃহা আছে তাৰ ওপৰতে জীৱনৰ সুখ আৰু সফলতা নিৰ্ভৰ কৰিব৷

৯) যিকোনো কামত সফল হ’বলৈ আমি প্ৰথমে দৃঢ়ভাবে বিশ্বাস কৰি ল’ব লাগিব যে মই কামটো কৰিব পাৰিম আৰু সফলো হ’ব পাৰিম৷

১০) কামটো খৰখেদাকৈ কৰাতকৈ পৰিপাটীকৈ কৰক, সফলতা খৰখেদাকৈ পাব

বন্ধুসকল যদি আপোনালোকে এই লেখনিটোৰ উক্তিসমূহ ভাল পালে তেন্তে তলৰ শ্বেয়াৰ বুটমত ক্লিক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷
Next Post