Happiness Quotes in Assamese | Quotes on Happiness | Assamese Happiness Status

সুখ আৰু দুখ প্ৰতিজন মানুহৰ জীৱনলৈকে আহে৷ আমাৰ জীৱনৰ কিছুমান সুখ বা কিছুমান সুখৰ মূহূৰ্ত এনেকুৱাও থাকে যিবোৰ আমি আনৰ স’তে বিশেষকৈ কোনোবো আত্মীয় বন্ধু-বান্ধৱী নাইবা আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰি থাকোঁ৷ যিদৰে দুখৰ কথাবোৰ আনৰ আগত ক’লে দুখবোৰ দুখবোৰ পাতল হয় ঠিক তাৰ বিপৰীতে সুখবোৰ ভগাই ল’লে সুখৰ পৰিমাণ বাঢ়ি যায়৷ গতিকে বন্ধুসকল জীৱনৰ সুখৰ মুহূৰ্তবোৰ চিনাকি আপোন মানুহখিনিৰ লগত ভগাই ল’বচোন চাব সেই সময়খিনি আৰু অধিক মধুৰ আৰু স্মৰণীয় হৈ পৰিব৷ জীৱনত অজস্ৰ ধন সম্পত্তি অথবা টকা পইচা থাকিলেই মানুহ সুখী হ’ব পাৰে সেইয়া নহয় আচলতে সুখবোৰ নিৰ্ভৰ কৰে আমাৰ মানসিক দৃষ্টিকোণৰ ওপৰত৷ আমাৰ লগত যিখিনি আছে বা বৰ্তমন যি আছে তাৰ বাবে ভগৱানক ধন্যবাদ জনোৱা উচিত৷ জীৱনত নতুনকৈ কিবা পোৱাৰ আশা কৰোটো ভুল নহয় কিন্তু চাব যাতে অধিক পোৱাৰ আশাত বৰ্তমানৰ সুখখিনিক হেৰাই যাবলৈ নিদিব৷

আজি আমি সুখৰ বা সুখী হোৱাৰ কেইটামান উক্তি সংগ্ৰহ কৰি তলত উল্লেখ কৰিছোঁ৷ যদি আপোলোকৰ ভাল লাগে তেন্তে তলৰ শ্বেয়াৰ বুটমত গৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব

১) সুখ বিচাৰি কাম কৰিলে সুখ পাবলৈ কঠিন কিন্তু যদিহে আপুনি সুখী মন এটাৰে কাম কৰে তেন্তে সুখ আৰু সফলতা দুয়োটাই পাব৷

২) সকলোকে আমি সুখী কৰাটো আমাৰ পক্ষে সম্ভৱ নহয় কিন্তু আমি কাম কৰিব পাৰোঁ যে, আমাৰ বাবে যাতে কোনেও দুখ নাপায় তাৰ প্ৰতি সচেতন হ’ব পাৰোঁ৷

৩) সুখ আপুনি তেতিয়া পাই যেতিয়া আপুনি যি কাম কৰে, যি ভাবে আৰু যি কয় তাৰ মাজত সামঞ্জস্য তথা সমানতা থাকে

৪) পৃথিৱীত সেইজন মানুহ আটাইতকৈ সুখী হ’ব পাৰে যিজনে নিজেই সুখী হোৱাতকৈ আনৰ সুখত বেছি গুৰুত্ব দিবলৈ জানে

৫) বেছিভাগ মানুহ সিমানেই সুখী হ’ব পাৰে যিমান তেওঁলোকৰ মনটোৱে নিৰ্ধাৰণ কৰি লয়

৫) জীৱনত আপুনি যিমানেই সুখী নহওক কিয় যদিহে আপোনাৰ মা-দেউতা দুখত জীয়াই আছে তেন্তে সেই সুখ অনৰ্থক

৬) বহুত টকাই আপোনাৰ বাবে সুখ ক্ৰয় কৰিব নোৱাৰিব পাৰে কিন্তু জীৱনত অন্ততঃ সিমানখিনি টকা থাকিব লাগে যিখিনিয়ে জীৱনৰ দুখবোৰ পাতল কৰি তুলিব পাৰে৷

৭) যিটো সময়ত আপুনি সুখী হৈ থাকিব পাৰে সেই সময়খিনিহে আপোনাৰ

৮) সুখী হোৱাৰ ৰহস্য আমাৰ স্বাধীনতাত থাকে আৰু স্বাধীনতা লুকাই থাকে আমাৰ সাহসত

৯) সুখ কোনোধৰণৰ ব্যাহিক স্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে; সুখ নিৰ্ভৰ কৰে আমাৰ মানসিক দৃষ্টিকোনৰ ওপৰত৷

১০) আপুনি বিচৰা বস্তুবোৰ পোৱাৰ চেষ্টা কৰাৰ লগতে আপোনাৰ বৰ্তমান যিখিনি আছে সেইখিনিৰ সৈতেও সুখী হ’বলৈ শিকি লওক৷

১১) যি বিচাৰিলে তাকেই পালে সেইয়া সফলতা আৰু জীৱনত যি পালে তাকেই ভালপাবলৈ শিকি লোৱাটো সুখ৷
Next Post Previous Post