Heart Touching Quotes in Assamese | Sad Status and Quotes Assamese | Assamese Quotes on Sad Feelings


জীৱনৰ যিকোনো সময়তে আমাৰ দুখ লাগিব পাৰে। কেতিয়াবা কিবা বিশেষ কাৰণ থাকিব পাৰে, কেতিয়াবা একো কাৰণ নথকাকৈও দুখ লাগে। জীৱনৰ বিষণ্ন সেই সময়বোৰত কেতিয়াবা অকলশৰে থাকিবলৈ মন যায় আৰু কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন, কাষত কোনোবা থকা হ'লে যি আমাৰ মৌনতাখিনি অথবা ভিতৰত লুকাই থকা দুখবোৰক উপলব্ধি কৰিব পাৰে আৰু দুখবোৰৰ সমভাগীহ'ব পাৰে। আপোনাৰ দুখ লাগিলে বাৰু আপুনি কি কৰে? গান শুনে? নে ভিডিঅ চায়, কাৰোবালৈ ফোন কৰি কথা পাতে নে সময়বোৰ অকলশৱৈ কটায়? তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
জীৱনলৈ মানুহ আহিব আৰু যাব
কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ বাবে
যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব

জীৱনত ব্ৰেকাআপ হলে, কোনোবা আপোনজন জীৱনৰ পৰা হেৰাই গলে, জীৱনৰ আশাবোৰ নিৰাশা হ'লে, সপোনবোৰ ভাঙি গ'লে অনুভৱ হোৱা সেই দুখবোৰ সঁচাকৈয়ে যন্ত্ৰণাদায়ক। যেতিয়া কোনোবাই নিজৰ দুখবোৰ প্ৰকাশ কৰে তেতিয়া বহুসময়ত সেই অনুভৱবোৰ আমাৰ জীৱনৰ লগত প্ৰায় মিলি যায়। বন্ধুসকল তলত তেনে কেইটামান অনুভৱ তথা উক্তি প্ৰকাশ কৰিছোঁ যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰি।

Assamese Sad Heart Touching Quotes Photos | Assamese Sad Love Status Images

 জীৱনৰ পৰা আঁতৰি যোৱাজনৰ প্ৰতি
যদি হৃদয়ত ভালপোৱা আৰু সন্মান থাকে
তেন্তে এদিন তেওঁক পাহৰি যাব পাৰি
কিন্তু যদি তেওঁৰ প্ৰতি হৃদয়ত ঘৃণাৰ ভাৱ থাকে
তেন্তে কেতিয়াও পাহৰি যাব নোৱাৰি

 জীৱনৰ চিনাকি মানুহবোৰৰ লগত যেতিয়া
কথা পাতো তেতিয়া তেওঁলোকৰ কথাবোৰ
শুনি এনেকুৱা লাগে যেন তেওঁলোক
আমাৰ আপোন কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়
তেতিয়া সেই আপোন মানুহবোৰ কাষত নাথাকে।

 মাজে সময়ে জীৱনলৈ অহা ধুমুহাই
সেই মানুহবোৰক আঁতৰাই লৈ যায়
যিবোৰে আমাৰ জীৱনত 
আপোন হোৱাৰ অভিনয় কৰি থাকে

ভালপোৱাজন বিশ্বাসী হ'লে
অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি
আৰু যদি বিশ্বাসেই নাথাকে
তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। 

 যদি মোক আপোনি বেয়া পাই পাওক
কিন্তুু মোৰ বিষয়ে আনৰ বেয়াকৈ কৈ
তেওঁলোককো বেয়া পাবলৈ সুযোগ নিদিব

 জীৱনৰ সত্যক বুজি পাবলৈ 
বহুত কঠিনো নহয়
মাত্ৰ যিখন তুলাচনীৰে আনক জুখি চায়
সেইখন তুলাচনীত কেতিয়াবা নিজেও বহি চাওক

 জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক
গুৰুত্ব দিবলৈ শিকি লওক
কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত
জীৱনো উভটি নাহে, মানুহবোৰো এভটি নাহে

 কোনোবা এজন আঁতৰি গ'লেই জীৱনটো
শেষ হৈ নাযায় কিন্তু হৃদয়ৰ বাবে
বিশেষ হৈ পৰা এজনক হেৰুৱাৰ পাছত জীৱনলৈ অহা
হাজাৰ জনেও তেওঁৰ বাবে 
হৃদয়ত থকা ঠাইখিনি দখল কৰিব নোৱাৰে।

 ইচ্ছা কৰিলেই কিবা এটা কিনি ল'ব পৰাকৈ
ধনী নহ'ব পাৰো কিন্তু ইমানো দুখীয়া নহয় যে
নিজেই বিক্ৰী হৈ যাম

আনে মোক কি ভাবে বা কিমান গুৰুত্ব দিয়ে নাজানো
কিন্তু বহতে নিজৰ টাইম পাছ কৰিবলৈহে
মোক মনত পেলোৱা  বহতবাৰ দেখিছো

বন্ধুসকল এনেকুৱা ধৰণৰ ফটো আৰু পোষ্ট পাই থাকিবলৈ আমাৰ ৱেবছাইটট এমেইলৰ দ্বাৰা চাবচক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাৰ অফিচিয়েল ফেচবুক পেজ 'নিৰিবিলি' কো লাইক কৰি দিবলৈ নাপাহৱৰিব।
Next Post Previous Post