দাতৰ বিষৰ পৰা তাৎক্ষণিকভাবে পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ ঘৰুৱা উপায় (Toothache Home Remedies in Assamese, Tooth Treatment in Assamese)
দাতৰ বিষৰ পৰা তাৎক্ষণিকভাবে পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ ঘৰু উপায়
Toothache Home Remedies in Assamese, Tooth Treatment in Assamese
দাঁতৰ বিষ অতি যন্ত্ৰণাদায়ক৷ ক্ৰেবিটি, পাইৰিয়া তথা অন্য বহুতো কাৰকে দাত বিষৰ মূখ্য কাৰণ৷ দাতৰ সিৰসিৰণি আৰু প্ৰচণ্ড বিষৰ পাছতো আমি বহু সময়ত চিকিৎসা কৰাবলৈ কুণ্ঠাবোধ কৰোঁ কিন্তু এনেকুৱা কৰিব নালাগে৷ দাতৰ কিবা সমস্যাই দেখা দিয়া লগে লগেই আমি চিকিৎসকৰ ওচৰত ভালদৰে চিকিৎসা কৰাব লাগে৷ দাত বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কিছুমান ঘৰুৱা সহজ উপায়ো আছে আৰু সেইবোৰৰ কেইটামান তলত উল্লেখ কৰিলোঁ৷
গ্ৰীণ টিঃ
সকলোৱে জানো যে গ্ৰীণ টি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু ই আমাৰ দাতৰ বিষতো সহায় কৰে৷ গ্ৰীণ টিত লীবজ কুল থাকে আৰু ইয়াত টেনিন এছিড, কেটছিন আদি থাকে৷ দাতৰ বিষ হ’লে তিনিটামান চাহপাতৰ কলি ভালদৰে পৰিষ্কাৰ কৰি পাঁচমিনিটমান চুবাই থাকিব লাগে আৰু দিনটোত এই প্ৰক্ৰিয়াটো তিনিবাৰকৈ কৰিলে দাত বিষৰ পৰা হাত সাৰিব পাৰি৷
টিঁয়হঃ
টিয়হক ভালদৰে ধুই নিমখৰ লগতে খালেও দাত বিষ কম হয়৷ টিয়হ খালে দাত বিষৰ লগতে ফুলি থকা দাতৰ আলু ৰ সমস্যা দূৰীকৰণৰ ক্ষেত্ৰতো সহায়ক হয়৷
নহৰুঃ
নহৰুত এণ্টি বায়টিক দ্ৰব্য পোৱা যায়৷ দাত বিষত বেছিকৈ ব্যৱহাৰ কৰা আটাইতকৈ ঔষধবোৰৰ ক্ষেত্ৰত নহৰুৱে প্ৰধান৷ নহৰুৰ পাউদাৰ বা নহৰু পিচি নিমখৰ লগত মিহলাই দাত বিষ হোৱা অংশত পাঁচমিনিটত সময় লগাই থ’লে তাৎক্ষণিক সুফল পোৱা যায়৷
মধুৰিআমৰ কলিঃ
মধুৰিআমৰ কলি বা পাত পিচি বা চোবাই দিলে দাত বিষৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা যায়৷ মধুৰিআমৰ পাতত এণ্টি বেক্টেৰিয়েল প্ৰোপটীজ পোৱা যায় যি দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে৷
আলুঃ
আলুত সেইবোৰ সকলো তত্ত্ব পোৱা যায় যি দাত বিষ নিৰ্মূলৰ বাবে সহায়ক হয়৷ দাত বিষ হ’লে এটা কেচা আলু চোবাই দিলে দাত বিষৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পাব পাৰি৷
দাত বিষৰ পৰিত্ৰাণ পাবলৈ আমি দন্ত্য চিকিৎসৰ পৰামৰ্শ মতে ভাল আৰু উত্তম টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে আৰু তামোল,পান, গুটখা আদি খাব নালাগে লগতে মুখ ভালদৰে পৰিষ্কাৰকৈ ৰাখিব লাগে৷
যদি আপোনাৰ এই লেখনিটো ভাল লাগিল অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷
