Health Benefit of Gur (jaggery) in Assamese
Health Benefit of Gur (jaggery) in Assamese
শীতকালত গুৰৰ ব্যৱহাৰ বেছিকৈ দেখিবলৈ পোৱা যায়। চেনীৰ সলনি নিয়মিত আৰু সীমিত পৰিমাণৰ পৰিস্কাৰ গুৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে। ইয়াৰ উপৰি গুৰৰ ব্যৱহাৰৰ ফলত শৰীৰৰ চালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আজি আমি এই পোষ্টটোত গুৰৰ উপকাৰিতা তথা ব্যৱহাৰৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰিম।
গুৰত কি কি উপাদান থাকে
গুৰত ভিটামিন এ আৰু ভিটামিন বি, সুক্ৰজ, কেলচিয়াম, ফচফৰাজ, পটাছিয়াম, মেগনেছিয়াম, আদিৰ উপৰি বহু ধৰণৰ মিনাৰেল আৰু ভিটামিন পোৱা যায় যিবোৰ উপাদানে আমাৰ শৰীৰৰ চাল মিহি কৰি ৰখাৰ লগতে আমাৰ পেটক পৰিস্কাৰ কৰি ৰাখে।
Read Also
গুৰুহা ফটা সমস্যাৰ ঘৰুৱা উপায়
গুৰ ব্যৱহাৰৰ বিভিন্ন উপকাৰিতা আৰু উপায়।
১) চালৰ ডাগ আৰু নিৰাময়ৰ বাবে
ইয়াৰ বাবে আপুনি তিনি চামুচ মান গুৰৰ পাউডাৰ বা গুৰি তিনি চামুচ বিলাহীৰ ৰস আৰু এচামুচ হালধিৰ এটা মিশ্ৰন তৈয়াৰ কৰি ডাগ থকা অংশ নাইবা গাল, হাত-ভৰি আদিত লগাই পোন্ধৰ মিনিটমানৰ পিছত ধুই দিব লাগে। এই প্ৰক্ৰিয়াটো নিয়মিত ভাৱে কৰিলে চালৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি।
২) গেছৰ সমস্যাৰ পৰা ৰেহাই
আপোনাৰ যদি গেছ নাইবা এচিদিটিৰ সমস্যা আছে তেন্তে গুৰৰ লগত কলা নিমখ মিহলাই এচামুচমানকৈ নিতৌ ৰাতিপুৱা আহাৰ খোৱাৰ আগত খাব লাগে।
৩) তেজৰ পৰিমান বৃদ্ধি কৰাত সহায় কৰে
গুৰত প্ৰচুৰ পৰিমানে আইৰণ পোৱা যায়। যদি আপোনাৰ শৰীৰত হিমগ্লবিনৰ অভাৱ হৈছে তেন্তে নিয়মিতভাৱে গুৰ খালে সুফল পোৱা যায়। গুৰে খালে শৰীৰৰ ৰঙা ৰক্ত কণিকাৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে।
৪) উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত গুৰে সহায় কৰে
গুৰে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে বিশেষকৈ উচ্চ ৰক্তচাপ সমস্যাত ভূগি থকা লোকে নিতৌ সীমিত পৰিমানে গুৰ সেৱন কৰিলে যথেষ্ট সুফল পায়।
৫) হাঁড় মজবুত কৰাত সহায় কৰে
গুৰত প্ৰচুৰ পৰিমানে কেলছিয়াম আৰু ফছফৰাজ পোৱা যায় যি তত্ত্বই আমাৰ শৰীৰৰ হাঁড়ক মজবুত কৰাত যথেষ্ট সহায় কৰে।
৬) কাঁহ-চৰ্দীৰ বাবে উপকাৰি
গুৰ চৰ্দী কাঁহ নিৰ্মূল কৰাত সহায়ক হয়। আদা, জালুক আৰু গুৰৰ মিশ্ৰন তৈয়াৰ কৰি খালে কাঁহ-চৰ্দীৰ আদিৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি।
বিঃদ্ৰঃ ডাইবেটিছ তথা চুগাৰৰ সমস্যা থকা ৰোগীয়ে গুৰ খাব নালাগে।
লেখনিৰ উৎসঃ www.livehindustan.com/
