Cracking Lips Home Remedy in Assamese | Lips care tips in Assamese

Lips Cracking Home Remedy in Assamese | Lips Care Tips in Assamese



ওঁঠ ফটাৰ প্ৰধান কাৰণ হৈছে আমাৰ জীৱনশৈলী আৰু আমাৰ আচৰণ৷ বহু সময়ত আমাৰ ওঁঠ ফটাৰ লগতে ওঁঠৰ বৰণ সলনি হৈ কলা হ’বলৈ আৰম্ভ কৰে৷ ওঁঠৰ এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তলত ওঁঠ ফটাৰ প্ৰতিকাৰৰ দহটা ঘৰুৱা উপায় উল্লেখ কৰিছোঁ৷

তাৰ আগতে জানি লওঁ আহক ওঁঠ ফটাৰ প্ৰধান কাৰণসমূহ কি কি?

- ওঁঠ শুকাই গ’লে ওঁঠৰ ওপৰলৈ বাৰে বাৰে জিভাখন আনিলে ওঁঠ ফাটিবলৈ আৰম্ভ কৰে

- ওঁঠৰ ওপৰৰ শুকান চাল গুচাবলৈ চেষ্টা কৰিলেও ওঁঠ ফাটে

- ধুম্ৰপাণ কৰিলে

- প্ৰদূষণৰ বাবে

- শৰীৰত পানীৰ অভাৱ হ’লে

ওঁঠ ফটা প্ৰতিকাৰৰ দহটা ঘৰুৱা উপায়

১) ওঁঠ ফাটিলে ঘৰুতে সহজতে পোৱা নাৰিকল তেল ব্যৱহাৰ কৰি ভাল ফলাফল পাব পাৰি৷ নাৰিকল তেলত Moisturizing গুণ থাকে যি আমাৰ ওঁঠক মিহি আৰু কোমল কৰি ৰখাত সহায় কৰে৷ দিনটোত চাৰিবাৰ মান নাৰিকল তেল ওঁঠত লগালে ওঁঠ ফটাৰ পৰা হাত সৰাৰ লগতে ওঁঠৰ দাগ আৰু বিষ কম কৰাত সহায় কৰে৷


২) মৌৰস আৰু ভেচলিনৰ এটা মিশ্ৰন তৈয়াৰ কৰি ওঁঠত লগাই ১০ মিনিটমানৰ পাছত ভালদৰে চাফা কৰি দিব লাগে৷ নিয়মিতভাৱে দিনটোত এবাৰকৈ কৰিলেও ফটা ওঁঠৰ পৰা পৰিত্ৰাণ পাব পাৰি৷


৩) ৰাতি শুৱাৰ আগত এলবেৰা পাতৰ ৰস ওঁঠত লগালে ওঁঠ ফটাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ NCBI ৰ দ্বাৰা প্ৰকাশিত এক লিখনিত কৈছে যে এলবেৰাত Mucopolysaccharides নামৰ এবিধ চুগাৰ অনু পোৱা যায় যি আমাৰ ওঁঠৰ লগতে চালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে৷


৪) তিনিচামুচ চেনীৰ লগত এচামুচ অলিব অইল আৰু এচামুচ মৌৰসৰ মিশ্ৰন তৈয়াৰ কৰি নিতৌ দুবাৰ ওঁঠত পাঁচমিনিটত কৈ লগাই থ’লে যথেষ্ট সুফল পোৱা যায়৷ এই উপায়ে আমাৰ ফটা ওঁঠক পুনৰ মিহি আৰু কোমল কৰাত সহায় কৰে৷


৫) চাৰিৰ পৰা পাঁচটামান গোলাপফুল এগিলাচ গাখীৰত তিনিঘণ্টামানৰ বাবে তিয়াই থওক আৰু তাৰপাছত গোলাপ ফুলকেইপাহ ভালদৰে পিহি গাখীৰখিনিৰ লগত এটা মিশ্ৰন তৈয়াৰ কৰি ১৫ ৰ পৰা ২০ মিনিটমান ওঁঠ লগাই ঠাণ্ডা পানীৰে ভালদৰে ধুই দিব৷ এনে কৰিলে আমি অতি কম সময়তে ফটা ওঁঠৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিম৷


৬) বাদামৰ তেল আৰু মমৰ মিশ্ৰন তৈয়াৰ কৰিও আমি ৰাতি শুৱাৰ আগত ফটা ওঁঠত লগালে ফটা ওঁঠৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷ এই উপায়টো আমি ওঁঠৰ লগতে চালৰ সমস্যাৰ বাবেও ব্যৱহাৰ কৰিব পাৰোঁ৷


লেখনিটো বন্ধুবৰ্গ তথা আন সতীৰ্থসকলৰ সুবিধাৰ্থে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব৷ লেখনিটো প্ৰস্তুত কৰি প্ৰেৰণ কৰিলে জ্যোতিকা হাজৰিকাই৷ লেখনিৰ উৎসঃ ইণ্টাৰনেট৷

Next Post Previous Post