Benefits of Honey, Side Effects And Uses In Assamese (মৌৰসৰ ঔষধি গুণ, উপকাৰিতা, ব্যৱহাৰ আদি )

 


ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে যথেষ্টখিনি চৰ্চামূলক লিখনি দেখিবলৈ পোৱা যায়৷ মৌৰসক বহুতে বহুতো ঠাইত মৌজুল বুলিও কয়৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস এনে এক জুলীয়া পদাৰ্থ যি মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷ 

মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি লাভদায়ক। ব্যৱহাৰ কৰাৰ আগতে এইটো কথা নিশ্চিত হৈ ল’ব লাগিব যে মৌৰসখিনিত যাতে বেলেগ একো মিশ্ৰন নাথাকে। 

 আজি আমি এই লেখনিটোত মৌৰসৰ ঔষধি গুণ আৰু কিমান পৰিমাণে আৰু কেনেকৈ খালে আমাৰ শৰীৰৰ বাবে লাভদায়ক হয় তাৰ বিষয়ে আলোচনা কৰিম৷

মৌৰসত পোৱা বিভিন্ন পুষ্টিকৰ উপাদানঃ

মৌৰসত প্ৰয়োজনীয় পুষ্টিকৰৰ তত্ত্ব, ভিটামিনৰ ভৰাল বুলিব পাৰি। মৌৰসত প্ৰধানকৈ ফ্ৰক্টজ আৰু কাৰ্বহাইদ্ৰেড পোৱা ইয়াৰ উপৰি মৌৰসত নায়চিন, ভিটামিন বি-6 , ভিটামিন C, এমিন এচিড আদি পোৱা যায়। ৫০ গ্ৰাম মৌৰসত প্ৰায় ১৩০ কেলৰি, ৪০ গ্ৰাম ফ্ৰক্টজ, গ্লুকজ, সুক্ৰজ, মাল্টজ আদি চুগাৰ পোৱা যায়। মৌৰসত ফেট, ফাইবাৰ আৰু প্ৰটিন নাথাকে।

মৌৰসৰ ঔষধি গুণঃ

মৌৰসৰ ঔষধি গুণৰ বিষয়ে ক’বলৈ গ’লে ই বহুতো বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হয়। আজি যুগত মৌৰসৰ ব্যৱহাৰ প্ৰধানকৈ মানুহৰ চালৰ সুন্দৰতা বৃদ্ধি, পাচন তথা হজম শক্তি সবল কৰিবলৈ, ওজন কমাবলৈ আদিৰ বাবে ব্যৱহাৰ কৰা হয়। এই লেখনিটোত আয়ুৰ্বৈদিক চিকিৎসক ডা* দীপক কুমাৰ সৈনীৰ মৌৰসৰ লাভলাভ, লোকচান আৰু উপযোগিতাৰ বিষয়ে উল্লেখ কৰা হৈছে।

মৌৰসৰ উপকাৰিতাঃ Benefits of honey for Health in Assamese

১) কাঁহৰ পৰা আৰাম পাবলৈ

যদি আপোনাৰ দীৰ্ঘদিন ধৰি কাঁহ হৈ আছে আৰু আপুনি আৰাম পোৱা নাই তেনেস্থলত মৌৰস সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। মৌৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সক্ৰমণক ৰোধ কৰাৰ লগতে ডিঙিত জমা হৈ থকা কফক পাতল কৰে যাৰ ফলত কফ অতি সহজে বাহিৰ হৈ আহে। ইয়াৰ বাবে আপুনি ৰাতি শুৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌৰস মিহলাই খাব লাগে নাইবা মৌৰসৰ লগত আদাৰ মিশ্ৰন তৈয়াৰ কৰিও খাব পাৰে।

২) কাটিলে বা জ্বলিলে

শৰীৰৰ কোনোবা অংশত কাটিলে নাইবা জ্বলা-পুৰা কৰিলে সেই অংশত মৌৰস লগালে সুফল পোৱা যায়। মৌৰসত থকা এণ্টিচেপ্তিক গুণে চালৰ কটা অংশক সোনকালে শুকুৱাত সহায় কৰে আৰু সক্ৰমণৰ পৰাও ৰক্ষা কৰে। 

৩) ওজন কমোৱাত সহায়ক হয়

বাঢ়ি অহা শৰীৰৰ ওজনক ৰোধ তথা কমাবলৈ হ’লে মৌৰসৰ নিয়মিত ব্যৱহাৰৰ ফলত অতি সুফল পোৱা যায়। মৌৰস সেৱনৰ ফলত শৰীৰৰ কলেষ্টল লেবেল কম বা নিয়ন্ত্ৰণ কৰি ৰাখে। ওজন কমাবলৈ আপুনি নিতৌ এগিলাচ কুহুমীয়া গৰম পানীৰ লগত এচামুচ মৌৰস আৰু এচামুচমান নেমু ৰস মিহলাই সেৱন কৰিব লাগে।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে

মৌৰসত যথেষ্ট পৰিমানৰ এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ হৃদয়ৰ বাবে অতি উপযোগী। কলিজাৰ লগত জড়িত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌৰসে যথেষ্ট সহায় কৰে লগতে ই আমাৰ ইমিউনিটি প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰাখে। হজম শক্তি বঢ়াবলৈ নিতৌ দুচামুচ মৌৰস এগিলাচ গাখীৰৰ লগত সেৱন কৰিলে সুফল পোৱা যায়।

ইয়াৰ উপৰি মৌৰস আমি চুলি মজবুত কৰিবলৈ, constipation ৰ পৰা হাত সাৰিবলৈ, ঘা শুকাবলৈ আদি বিভিন্ন সমস্যাৰ বাবে সেৱন কৰিব পাৰোঁ। 

মৌৰস কোনে কোনে সেৱন কৰিব নালাগে?

- এবছৰতকৈ কম বয়সৰ শিশুক খাব দিব নালাগে। যদি খুৱাবও বিচাৰে ডাক্তৰৰ পৰামৰ্শ লৈহে খুৱাব লাগে।
- মধুমেহ ৰোগী তথা চুগাৰ লেবেল অনিয়ন্ত্ৰণত থকা লোকে মৌৰস সেৱন কৰিব নালাগে।
- যদি কোনো উচ্চ ৰক্তচাপ থকা লোকে আগৰে পৰা antihypertensive medicine ব্যৱহাৰ কৰি আছে তেন্তে নিতৌ বা প্ৰয়োজনাধিক মৌৰস সেৱন কৰা অনুচিত।

এটা কথা ঠিক যে মৌৰস আমাৰ শৰীৰৰ বাবে অতি উপযোগী কিন্তু যিকোনো ইয়াক সেৱন কৰাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা আৰু কৌশলসমূহ জানিব লাগিব অন্যথা অতিমাত্ৰা যিকোনো বস্তুৰ সেৱন আমাৰ শৰীৰৰ বাবে অপকাৰী।
লেখনিটো যদি ভাল লাগিল অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

লেখনিৰ উৎসঃ www.1mg.com 

Next Post Previous Post