কিচমিচ খোৱাৰ আচৰিত লাভসমূহ | কিচমিচৰ ঔষধি গুণ আৰু উপকাৰিতা Benefit of Eating Raisin

Benefit of Eating Raisin


এটা সুস্থ সবল শৰীৰে আমাৰ দৈনন্দিন কৰ্মৰাজিত ব্যাপক যোগাত্মক প্ৰভাৱ পেলায়৷ শিশুৰ পৰা আদি কৰি বৃদ্ধলৈকে আমি সকলোৱে শৰীৰৰ সুস্বাস্থ্যৰ বাবে গুৰুত্ব দিয়া উচিত৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক গঢ় দিবলৈ আমি দৈনন্দিন গ্ৰহণ কৰা খাদ্যবোৰেই প্ৰধান উৎস৷ বন্ধুসকল আমি সেৱন কৰা খাদ্যবোৰৰ ভিতৰত এবিধ অতি লাভদায়ক খাদ্য হৈছে কিচমিচ যাক ইংৰাজীত Raisin বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ 

কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্লোকজ পোৱা যায়৷ গতিকে খেলুৱৈ, বডি বুইল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচ বিশেষ ভূমিকা পালন কৰে৷ বন্ধুসকল আজি এই লেখনিটোত কিচমিচ কিদৰে আৰু কিমান পৰিমাণৰ খালে কি কি লাভ সেই বিষয়ে আলোচনা কৰিম৷


কিচমিচত কি কি থাকে? NUTRITIONAL PROFILE of RAISIN

- কেলৰিজ

- কাৰ্বহাইড্ৰেদ

- প্ৰটিন

- আইৰণ

- পটাছিয়াম

- মেগনেছিয়াম

- কপাৰ

- জিংক

- কেলছিয়াম

- ফছফৰাছ আদি


কিচমিচৰ উপকাৰিতাঃ ( Benefit of Raisin) 

১) কিচমিচ দাত আৰু গামচ (যাক আমি দাতৰ আলু বুলি কওঁ) ৰ অতি উপকাৰী৷ কিচমিচ মিঠা হ’লেও ই দাতক অপকাৰ নকৰে বৰঞ্চ কিচমিচত থকা অলিনলিক এচিদ নামৰ কেমিকেল তত্ত্ব আৰু কেলছিয়ামে দাতক মজবুত কৰাৰ লগতে বিভিন্ন বীজাণু আৰু ভাইৰাছৰ পৰা ৰক্ষা কৰে৷

২) কিচমিচে আমাৰ পাচন নাইবা হজম প্ৰক্ৰিয়াত সহায় কৰে৷ যিবিলাক লোকৰ গেছৰ সমস্যা, হৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে কিচমিচ খাব লাগে৷ কিচমিচত প্ৰচুৰ পৰিমাণে থকা ফাইবাৰে আমাৰ পেটৰ সমস্যাবোৰক নিধন কৰাত সহায় কৰে আৰু আমাৰ ভোক বঢ়োৱাৰ লগতে খাদ্য হজম কৰাত সহায় কৰে৷

৩) যিসকল লোকৰ উচ্চ ৰক্ত চাপৰ সমস্যা আছে তেওঁলোকেও কিচমিচ নিয়মীয়াকৈ খাব লাগে৷ কিচমিচত থকা পটাছিয়ামে কলিজাৰ ৰক্ত সঞ্চালনক নিয়ন্ত্ৰণ আৰু সুস্থিৰ কৰি ৰাখে৷ ই ষ্টক হ’ব পৰা বিপদক কম কৰে৷ কিচমিচত থকা ফাইবাৰে কলিজা আৰু তেজক সুচলতা প্ৰদান কৰে৷ 

৪) কিচমিচে হ’বপৰা কেন্সাৰ ৰোধ কৰাত সহায় কৰে৷ ইয়াত থকা ফেলনিক তত্ত্বই শক্তিশালী এণ্টিঅক্সিডেণ্টৰ কাম কৰে৷ এণ্টিঅক্সিডেণ্ট এনে এক তত্ত্ব যি কেন্সাৰ হ’ব পৰা হানিকাৰক তত্ত্বসমূহক ধ্বংস কৰাত সহায় কৰে৷

৫) কিচমিচে শৰীৰত ৰক্ত অভাৱকো সমাধান কৰে৷ ইয়াত থকা আইৰনে শৰীৰত ৰক্ত উৎপাদন কৰাত সহায় কৰে৷ কিচমিচত থকা ভিটামিন B, আইৰন আৰু কপাৰে নতুন ৰক্ত সৃষ্টিত যথেষ্ট সহায় কৰে৷

৬) জ্বৰত ভোগাৰ পিছত যেতিয়া আমাৰ শৰীৰ দুৰ্বল হৈ পৰে তেতিয়া কিচমিচ সেৱন কৰিলে আমাৰ শৰীৰক সবলতা প্ৰদান কৰে৷ কিচমিচত এনে কিছুমান তত্ত্ব থাকে যি জ্বৰৰ সময়ত হোৱা ভাইৰাছ আৰু বেক্টেৰিয়াজনিত প্ৰক্ৰিয়াক ৰোধ কৰাত সহায় কৰে৷


কিচমিচ কিদৰে আৰু কিমান পৰিমাণে খাব লাগে?

বন্ধুসকল যিকোনো খাদ্যৰ অতিমাত্ৰা সেৱনে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে গতিকে নিয়মিত আৰু সীমিত পৰিমাণে সেৱন কৰিলেহে লাভদায়ক আৰু ফলপ্ৰসূ হ’য়৷

৪ পৰা ৮ টা কিচমিচ ৰাতি এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থ’ব লাগে ৰাতিপুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পিছত সেই পানীখিনিও খাব লাগে৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুফল পোৱাটো প্ৰায় নিশ্চিত৷ 


লেখনিৰ উৎসঃ আয়ুৰবেদ সমাধান

লেখনিটো যদি আপোনাৰ ভাল লাগিলে আপোনাৰ পৰিয়াল তথা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷ আপোনালোকৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰে৷

Next Post Previous Post