গোৰোহা ফটা প্ৰতিকাৰৰ সহজ ঘৰুৱা বিধান ( Cracked Heel Home Treatment in Assamese

Home remedy of cracked heel


Heels Crack Home Remedy in Assamese

শীতকালৰ সময়ছোৱাত আমাৰ ভৰিৰ গোৰোহা ফটা বেছিভাগ লোকৰে এক কমন প্ৰবলেম বুলিব পাৰি৷ গোৰোহা ফটাৰ ফলত ভৰিত প্ৰচণ্ড বিষ অনুভৱ হয় আৰু এই বিষৰ যন্ত্ৰণা কিমান এইয়া কেৱল গোৰোহা ফটাজনেহে বুজিব পাৰে৷ বন্ধুসকল গোৰোহা ফটাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এনেয়েতো বহুতো প্ৰতিকাৰ ঘৰুৱা উপায় আছে কিন্তু সকলোৰে ক্ষেত্ৰত এই উপায়সমূহে সুফল দিব নোৱাৰে৷ আজি মই আপোনালোকৰ আগত ক’বলৈ বিচৰা উপায়টো খুব সহজ আৰু সকলোৰে ক্ষেত্ৰত প্ৰভাৱশালী৷

গোৰোহা ফটাৰ কি কি কাৰণ থাকিব পাৰে?

- থাইৰদৰ সমস্যা থাকিলে

- ভৰিৰত তেজৰ পৰিমাণ কম হ’লে

- প্ৰয়োজনাধিক গৰম পানীৰে ভৰি ধোৱা

- উকা ভৰিৰে খোজ বা দৌৰিলে

- মিনাৰেল আৰু ভিটামিনৰ অভাৱ

- শৰীৰত কেলছিয়ামৰ পৰিমাণ হ্ৰাস হ’লে

- বহু দেৰিলৈকে থিয় হৈ কাম কৰিলে

- মধুমেহ ৰোগত ভুগিলে


বন্ধুসকল গোৰোহা ফটাৰ সমস্যা থাকিলে পৰাপক্ষত আমি শুকানকৈ ভজা খাদ্য, মছলাজাতীয় খাদ্য, জলা, বেছি তিতা আৰু টেঙা আৰু অনান্য ফাষ্ট ফুদ আদি খাব নালাগে৷


গোৰোহা ফটাৰ প্ৰতিকাৰৰ বাবে ঘৰুৱা বিধান

ইয়াৰ বাবে প্ৰয়োজন হ’ব এটা ১০০ গ্ৰাম মানৰ মমবাতি আৰু ৫০ গ্ৰামৰ সৰিয়হৰ তেল৷ সৰিয়হৰ তেলৰ সলনি আপুনি নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে৷

মমবাতিটো এখন কটাৰিৰে চাচি এটা পাত্ৰত গুৰি কৰি ল’ব৷ ইয়াৰ পাছতে সৰিয়হ নাইবা নাৰিকলৰ তেলখিনি মমবাতিৰ গুৰিখিনিৰ লগত ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগিব৷ 



মমবাতি আৰু তেলৰ মিশ্ৰণটোক সম্পূৰ্ণ জুলীয়া নোহোৱালৈকে ভালদৰে গৰম কৰি ল’ব আৰু ভালদৰে ঠাণ্ডা হ’বলৈ ৰাখি থ’ব৷

ইতিমধ্যে মিশ্ৰনটো গোৰোহাৰ ফটা অংশত লগাবৰ বাবে সাজু হৈছে৷ আপুনি সদায় ৰাতি শুৱাৰ আগত ভৰিটো ভালদৰে ধুই শুকুৱাই লৈ এই মিশ্ৰনটো ভৰিৰ ফটা অংশবোৰত ভালদৰে লগাব আৰু অতিকমেও পাঁচমিনিট মান সময় মালিচ কৰি শুই যাব৷ 

ৰাতিপুৱা শুই উঠাৰ পাছত পুনৰ ভালদৰে ভৰিটো ধুই দিব৷ আপুনি প্ৰথমবাৰতে খুব ফলাফল পাব আৰু গোৰোহাৰ বিষ প্ৰায় নাইকিয়া হৈ পৰিব৷ মনত ৰাখিব এই প্ৰক্ৰিয়াটো নিয়মীয়াকৈ কৰি যাব৷

বন্ধুসকল ইণ্টাৰনেটত এনে বহুতো ঘৰুৱা বিধান পাব যিবোৰ আপুনি এপলাই কৰি চাব পাৰে৷ যদি এই লেখনিটো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷


- লেখনি যুগুতাই উলিওৱাছে মনিষা বেগমে


আপুনিও যদি এনেধৰণৰ স্বাস্থ্য সমন্ধীয় বিধান এই ৱেবছাইটত দিব বিচাৰে তেন্তে তলৰ লিংকটোত ক্লিক কৰি লেখনিটো প্ৰেৰণ কৰিব পাৰে৷ লেখনিটো ৩৫০ টা শব্দতকৈ বেছি হ’ব লাগিব৷ আৰু ৱেবছাইটত প্ৰকাশ হ’লে উপযুক্ত মাননী ( টকা) প্ৰদান কৰা হ’ব৷

Submit Your Article Here





Next Post Previous Post