কাজু বাদামৰ উপকাৰিতা (Benefit of Cashew Nuts) কি কি বেমাৰৰ বাবে উপযোগী?
কাজু বাদাম যাক ইংৰাজীত Cashew nuts বুলি কোৱা হয়৷ কাজু বাদামক ড্ৰাই ফুদৰ ৰজা বুলিও কোৱা হয়৷ বন্ধুসকল কাজুবাদামত যথেষ্ট পৰিমাণৰ ভিটামিন, মিনাৰেল তথা অন্য পুষ্টিকৰ তত্ত্ব বা উপাদান থাকে যেনে ছদিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, ভিটামিন B6, ভিটামিন k আদি পোৱা যায়৷ আজি মই এই পোষ্টটোত কাজু বাদামৰ এনে কেইটামান উপকাৰিতাৰ বিষয়ে কম যিকেইটা আমাৰ দৈনন্দিন জীৱনত যথেষ্টখিনি সহায় কৰিব৷
কাজুবাদামৰ উপকাৰিতাঃ Benefit of Cashew Nuts
১) শৰীৰৰ ওজন সন্তুলিত কৰি ৰাখে
বন্ধুসকল কাজুবাদামত থকা প্ৰটিন আৰু ভিটামিনৰ বাবে আমাৰ হজম শক্তি তথা হজম প্ৰক্ৰিয়া যথেষ্ট সবল কৰি ৰাখে আৰু আমাৰ ভোকক নিয়ন্ত্ৰণ কৰি ৰাখে৷ হজম প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে কম ওজনৰ লোকক ওজন বঢ়োৱা আৰু বেছি ওজনৰ লোকৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷
২) হাৰ্ট ডিজিজ প্ৰতিৰোধ
আমাৰ শৰীৰত থকা হৃদয় বা কলিজাক পৰ্যাপ্ত মাত্ৰাত ৰক্ত নাপালে বিভিন্ন ধৰণৰ হাৰ্টৰ সমস্যাই দেখা দিয়ে গতিকে কাজু বাদামত থকা উচ্চ মেগনেছিয়াম উপাদানৰ বাবে তেজৰ অতিমাত্ৰা বাঢ়ি অহা কলেষ্টলৰ পৰিমাণ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰে৷
৩) শৰীৰৰ ওজন কমোৱাত সহায় কৰেঃ
বন্ধুসকল শৰীৰত বাঢ়ি অহা চৰ্বিক নিয়ন্ত্ৰণ কৰিবলৈ কাজু বাদামে যথেষ্ট সহায় কৰে কিন্তু ওজন কমোৱাৰ ক্ষেত্ৰত ইয়াক কেতিয়া আৰু কিমান পৰিমাণৰ খাব লাগে তাক জনাটো খুবেই প্ৰয়োজন৷ ওজন কমোৱাৰ বাবে আমি খাদ্য খোৱাৰ আগত মাত্ৰ দুটা কাজু বাদাম খাব লাগে আৰু তাৰ পাছত এগিলাচ গৰম পানী খাব লাগে৷
৪) গৰ্ভৱৰ্তী মহিলাৰ কাৰণে অতি উপযোগী
এগৰাকী গৰ্ভৱৰ্তী মহিলাৰ পেটত যিহেতু এটি সন্তান লালিত হৈ থাকে গতিকে তেনে মহিলাৰ বাবে সুখাদ্য খুবেই প্ৰয়োজন৷ যেতিয়া এগৰাকী গৰ্ভৱৰ্তী মহিলাৰ হৰমন সলনি হৈ থাকে তেতিয়া তেখেতৰ ভোক নালাগে আৰু খাদ্যও খাবলৈ মন নকৰে সেই সময়ত নিয়মীয়াকৈ কাজু বাদাম খালে তেখেত শাৰীৰিক আৰু মানসিক ভাবে সুস্থ সবল হৈ থাকে৷
৫) সৰু ল’ৰা-ছোৱালীৰ বাবে অতি উপযোগী খাদ্য
৬ ৰ পৰা ১৪ বছৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ ভোক অতি অনিয়মীয়া হয় আৰু খাদ্যৰ পৰিমাণও কমি আহে গতিকে তেনে সময়ত শিশুক পুৱা গাখীৰ লগত কাজু বাদাম খাবলৈ দিলে ভোক বঢ়াই আৰু শক্তি প্ৰদান কৰে৷
৬) ডাইবেটিছ ৰোগীৰ বাবে অতি উপকাৰী
মধুমেহ বা ডাইবেটিছ ৰোগীৰ যিহেতু চুগাৰ খোৱাত বাধা আছে গতিকে তেওঁলোকৰ মিঠা কিবা খাবলৈ মন গ’লে কাজু বাদামৰ আধা টুকুৰা মুখত ল’লে সেই ইচ্ছা পুৰুণ হয় আৰু কাজু বাদামত থকা প্ৰাকৃতিক সেই মিঠা স্বাদে একো বিৰূপ প্ৰভাৱো নেপেলায়৷ কাজু বাদামত থকা মেগনেছিয়ামৰ বাবে ই ডাইবেটিছ ৰোগীৰ ৰক্তচাপ আৰু কলেষ্টলক নিয়ন্ত্ৰণ কৰি ৰাখে৷
বন্ধুসকল ইয়াৰ উপৰি কাজু বাদামৰ নিয়মিত আৰু সীমিত পৰিমাণৰ সেৱনে আমাক যথেষ্ট সহায় কৰে৷ যদি আপোলোকৰ এই লেখনিটো ভাল লাগিলে বন্ধুবৰ্গ তথা পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷ আগলৈ পুনৰ লেখনি আগুৱাই নিয়া হ’ব৷
ধন্যবাদ৷
লেখনিটো যুগুটাই উলিওৱাত সহায় কৰা ডা° বিকাশ চাংমাই ক ধন্যবাদ জনালোঁ৷


