Mouth Ulcers 's Home Treatment in Assamese


Home Treatment of Mouth Ulcers

 মুখৰ ভিতৰত হোৱা ডাগক ইংৰাজীত mouth Ulcers বুলি কয়। এইধৰণৰ সমস্যা বা ৰোগ আমাৰ প্ৰায়েই হোৱা দেখা যায়।খাদ্যত অতিক পৰিমাণৰ মচলা আৰু জ্বলা জাতীয় উপাদান নাইবা শৰীৰত ভিটামিন চি ৰ অভাৱ হ’লে এনেধৰণে মুখৰ ভিতৰত বিশেষকৈ ওঁঠ আৰু ভিতৰৰ ফালে গালত ডাগ সৃষ্টিৰ হয় যাৰ বিষৰ ফলত আমাৰ খোৱা-লোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।


Mouth Ulcers কিয় হয়?

এনে সমস্যা হয় আমাৰ শৰীৰত উষ্ণতা বা তাপমাত্ৰা বাঢ়ি আহিলে। শৰীৰৰ তাপমাত্ৰা প্ৰধানকৈ আমি খোৱা খাদ্যত থকা প্ৰচুৰ পৰিমানৰ মচলাজাতীয় দব্য, পান-মচলা, জ্বলা আদি উপাদানৰ বাবে হয়।

আমাৰ যদি একেলেথাৰিয়ে হজম প্ৰক্ৰিয়াত অসুবিধা হয় তেতিয়াও মুখৰ ভিতৰত mouth Ulcers সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰি ভিটামিন বি ১২ আৰু ভিটামিন চি ৰ অভাৱ হ’লে এনে ধৰণৰ সমস্যাই দেখা দিয়ে।


Mouth Ulcers হ’লে খাদ্যত কি কি খাব লাগে?

- এনেধৰণৰ সমস্যা হ’লে ফলমূলৰ ৰস খাব লাগে নিমখ আৰু চেনীৰ সৈতে

- দহী বা দৈ খাব লাগে কিয়নো দৈত প্ৰচুৰ পৰিমানে ভিটামিন বি ১২ পোৱা যায়


Mouth Ulcers ৰ ঘৰুৱা প্ৰতিষেধক কি?

বন্ধুসকল আজি আপোনালোকক ক’বলৈ বিচৰা ঘৰুৱা উপায়টো mouth Ulcers ৰ বাবে অতি ফলপ্ৰস। আপুনি ডাক্তৰৰ ওচৰলৈ গ’লে আপোনাক বহুতো মেডিচিন দিব পাৰে যাৰ প্ৰতিষেধক ক্ষমতা সিমান দ্ৰুত তথা ফলপ্ৰসূ নহয়। মই উল্লেখ কৰা ঘৰুৱা এই উপায়টোৰ বাবে আপোনাক লাগিব

- এচামুচ হালধি

- নহৰুৰ এটা ফুট

- নিমখ

- গৰম পানী

- ফিটকাৰি

প্ৰথমে আপুনি নহৰু (ৰচুন)ৰ ফুটটো গুচাই হালধিচামুচৰ লগত ভালদৰে পিচি অলপমান পানীৰ সৈতে এটা বড়ি বনাই ল’ব। হালধি আৰু নহৰুৰ মিশ্ৰনৰ দ্বাৰা তৈয়াৰ কৰা বড়িটো সেই ঠাইত অতিকমেও পাঁচমিনিট সময় লগাই থ’ব যি ঠাইত ডাগ হৈছে। লগাই থোৱাৰ সময়ত মুখ বন্ধ কৰি থ’ব আৰু চাব যাতে লালতি পেটৰ ভিতৰলৈও নাযায়, বাহিৰলৈও ওলায় নাহে।

পাঁচমিনিট সময় লগাই থোৱাৰ পাছত আপুনি এগিলাচ কুহুমিয়া গৰম পানীত এখুটমান ফিটকাৰি আৰু এচামুচ নিমখ মিহলাই কুলকুল কৰি ভালদৰে চাফা কৰি ল’ব। এই প্ৰক্ৰিয়াটো কৰাৰ চাৰি-পাঁচমিনিট মানৰ পাছতে আপোনাৰ মুখত বিষ একেবাৰে নাইকীয়া হৈ পৰিব। দিনটোত দুবাৰকৈ কৰিলে দুই তিনিদিনৰ ভিতৰত এই সমস্যা একেবাৰে দূৰ হৈ পৰিব। মনত ৰাখিব মুখত এনে ডাগ লাগি থকাৰ সময়ত ঠাণ্ডা পানী আৰু টেঙা নাখাব। 

নাইবা আপুনি দুকাপ পানীত তিনিচামুচ হালধি আৰু দুটা লং মিহলাই পানীখিনি উতলাই ল’ব আৰু অলপ মান ঠাণ্ডা হ’বলৈ দি সেই পানীৰে মুখত লৈ কুলা কৰিব৷ এনেদৰে দিনটোত দুবাৰকৈ কৰিলে আপুনি মুখৰ ডাগ আৰু বিষ দুয়োটাৰ পৰা পৰিত্ৰাণ পাব৷


বন্ধুসকল লেখনিটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।


Next Post Previous Post