শীতকালত খেজুুৰ খোৱাৰ চমৎকাৰী সুফল ( Benefit of Eating Dates Fruit in Winter)

 



Benefit of Eating Dates fruit in winter [Assamese Health Tips] 

শীতকালত খেজুৰ খোৱাৰ চমৎকাৰী সুফল

খেজুৰ এনে এবি পুষ্টিকৰ ফল যাক খোৱাৰ ফলত আমাৰ শৰীৰত আচৰিত ধৰণৰ সুফল পোৱা যায়৷ বন্ধুসকলৰ খেজুৰক ইংৰাজীত 'দেটচ্' বুলিও কোৱা হয়৷ খেজুৰ নামটো শুনিলেই মুখত যিদৰে মিঠা স্বাদৰ অনুভৱ হয় সেইদৰে আমাৰ আহাৰৰ ক্ষেত্ৰত খেজুৰ এবিধ অতি পুষ্টিকৰ খাদ্য৷ আজি আমি এই লেখনিটোত শীতকালত খেজুৰ নিয়মীয়াকৈ খালে কি কি লাভ হয় তাৰে আলোচনা কৰিম৷ 

খেজুৰত কি কি উপাদান থাকে? (Elements of Dates Fruit)

এটা খেজুৰ বহুতো পুষ্টিক তত্ত্বৰে পৰিপূৰ্ণ হৈ থাকে৷ যদি আমি ক’বলৈ যাওঁ খেজুৰৰ ভিতৰত কোনবিলাক ভিটামিন আছে নাইবা কি উপাদান আছে তেন্তে আমি পাম-
  • কেলছিয়াম
  • পটাচিয়াম
  • মেগনেছিয়াম
  • ফছফৰাছ
  • জিংক
  • আইৰণ
  • প্ৰটিন
  • ফেটী এচিদ
  • ফ্ৰাইবাৰ
  • কাৰ্ব হাইদ্ৰেট
  • ভিটামিন B6
  • ভিটামিন A ইত্যাদি

খেজুৰ আমাৰ শৰীৰত কিদৰে লাভদায়ক হয়?

১)  খেজৰত থকা মেগনেছিয়াম আৰু পটাছিয়াম আমাৰ শৰীৰৰ হৃদয় তথা কলিজাৰ বাবে খুবেই উপকাৰী৷ এই দুটা উপাদানে কলিজাক শক্তি প্ৰদান কৰাৰ উপৰিও শৰীৰ কলেষ্টলৰ পৰিমাণক নিয়ন্ত্ৰণ কৰি ৰাখে যাৰ ফলত শৰীৰ ৰক্ত চাপ সুস্থিৰ অৱস্থাত ৰাখে৷

২) খেজুৰে আমাৰ হজম শক্তিত ব্যাপকভাবে সুফল প্ৰদান কৰে৷ খেজুৰত থকা ফাইবাৰে আমাৰ পাচনতন্ত্ৰ তথা পাকস্থলীক সুস্থ আৰু সবল কৰি ৰাখে যাৰ ফলত আমাৰ শৰীৰৰ হজম শক্তি সবল হয়৷

৩) খেজুৰৰ ভিতৰত যিহেতু ভিটামিন চি আৰু আইৰনৰ পৰিমাণ বেছিকৈ থাকে গতিকে ইয়াক যিসকলে নিয়মিতভাৱে সেৱন কৰে তেওঁলোকৰ কেতিয়াও তেজৰ সমস্যাই দেখা নিদিয়ে৷ হিমগ্লবিন কম থকাৰ কাৰণে যিসকল লোকৰ এনিমিয়াৰ সমস্যা থাকে তেওঁলোকে খেজুৰ সেৱন কৰিলে এনিমিয়াৰ সমস্যাৰ পৰা মুক্তি পায়৷

৪) মগজুত ভাগৰ পৰিমাণ হ্ৰাস কৰা, স্মৃতি শক্তি বঢ়োৱা, মানসিক চিন্তাধাৰণাক উন্নত কৰা আদিৰ বাবে খেজুৰ এবিধ অতি উপকাৰী পুষ্টিকৰ খাদ্য৷

৫) যিসকলৰ দাঁতত সমস্যা বা আন যিকোনোধৰণৰ অসুবিধা থাকে তেওঁলোকৰ বাবে খেজুৰ অতি উপকাৰী৷ খেজুৰত থকা কেলছিয়ামে দাঁত আৰু হাঁড় মজবুত কৰাত সহায় কৰে৷

৬) বন্ধুসকল যিসকল লোকৰ চকুৰ সমস্যা আছে বা যিসল লোকে ৰাতি কমকৈ দেখে তেনে লোকে খেজুৰ নিয়মিতভাৱে খালে তেনে সমস্যা দূৰ হয় কিয়নো খেজুৰত থকা ভিটামিন A য়ে আমাৰ দৃষ্টিশক্তিক সবল আৰু মজবুত কৰাত প্ৰধান ভূমিকা পালন কৰে৷

৭) গৰ্ভৱতী মহিলাৰ বাবেও খেজুৰ অতি উপকাৰী৷ খেজুৰে গৰ্ভৱতী মহিলাৰ ৰক্তজনিত সমস্যাসমূহ দূৰ কৰাল সহায় কৰে আৰু শৰীৰক সতেজতা প্ৰদান কৰে৷

৮) খেজুৰত থকা ভিটামিন চি আৰু ডি আমাৰ শৰীৰৰ চালৰ বাবে অতি উপকাৰী উপাদান৷ আমাৰ চালত শীতকালত দেখা দিয়া বিভিন্ন সমস্যাৰ পৰা হাত সাৰিবলৈ খেজুৰ নিয়মীয়াকৈ সেৱন কৰিব লাগে৷

বন্ধুসকল ইয়াক উপৰি খেজুৰ লাভালাভ আৰু বহুতো আছে৷ যদি আপোলোকৰ এই পোষ্টটো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷

লেখনিটো আগবঢ়াইছে ডা° ৰাৱট চৌধুৰী ডাঙৰীয়াই৷



Next Post Previous Post