Father Quotes in Assamese (দেউতাৰ ওপৰত উক্তি)
Assamese Quotes on Father, Status on Deuta in Assamese
"দেউতা বেলিটোৰ দৰে
বেলিটো গৰম হ'লেও কিন্তু
বেলিটো নহ'লে এন্ধাৰে আৱৰি ধৰে"
"পকেট উদং তথাপি
দেউতাই মানা নকৰে
মই দেউতাতকৈ ধনী মানুহ
পৃথিৱীত দেখা নাই।"
"যেতিয়া মায়ে এৰি থৈ যায়
তেতিয়া জীৱনত আশীৰ্বাদ দিবলৈ
কোনো দ্বিতীয়জন নাথাকে
আৰু যেতিয়া দেউতাই আমাক এৰি থৈ যায়
তেতিয়া সাহস দিবলৈয়ো কোনো নাথাকে।"
"পৃথিৱীত এজনেই পুৰুষ থাকে
যিজনে বিচাৰে যে
আমি তেওঁতকৈয়ো বেছি সফল হওঁ
আৰু সেইজনেই দেউতা।"
"মোক ছাঁত ৰাখিবলৈ যিজনে
নিজেই ৰ'দত জ্বলে
সেইজনেই মোৰ দেউতা"
"যেতিয়া মই ৰাতিপুৱা শুই উঠোঁ
তেতিয়া মই দেখোঁ কোনোবাই
বহুত ভাগৰতো কামলৈ যাবলৈ ওলায়"
"সপোনবোৰতো মোৰ আছিল
কিন্তু সেই সপোনবোৰক সফল কৰাৰ
বাট দেউতাই দেখুৱাই গৈ আছিল"
"লক্ষ্য বহু দূৰৈত আৰু পথ দীঘল
সৰু জীৱনটোত চিন্তা আৰু জটিলতাও অলেখ,
কেতিয়াবাই নিঃশেষ কৰিলেহেঁতেন এই জীৱনে
কিন্তু দেউতাৰ মৰমত শক্তি আৰু বিশ্বাস অলেখ।"
"এটা কথা মনত ৰাখিব
মা-দেউতাৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে
পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তিও দুখীয়া।"
"সেই সময়বোৰ থমকি ৰওক
অথবা কেতিয়াও শেষ নহওক
যিবোৰ পলত মা-দেইতাই
সুখত হাঁহে।"
দেউতাৰ সম্পত্তিতকৈ
জীৱনত দেউতাৰ ছাঁটোৱেই যথেষ্ট
"দেউতাৰ কান্ধতকৈ ওখ
আৰু মাৰ অন্তৰতকৈ বিশাল
এই পৃথিৱীত একো নাই"
"দেউতা এনে এজন মানুহ
যি মোৰ হাঁহিৰ বাবে নিজৰ দুখবোৰ লুকুৱাই ৰাখে,
দেউতা এনে এজন মানুহ
যিজন মোৰ জীৱনৰ প্ৰিয় নায়ক,
দেউতা এনে এজন মানুহ
যিজনৰ দুচকুত মোৰ সফলতাত সুখৰ চকলো বিৰিঙে,
দেউতা এনে এজন মানুহ
যিজনে মোক সদায় বিশ্বাস কৰে,
দেউতা এনে এজন মানুহ
যিজনে মোক প্ৰতিটো বিপদত সহায় কৰে,
দেউতা এনে এজন মানুহ
যিজনে মোক সদায় সঠিক পথৰ ঠিকনা দিয়ে,
দেউতা এনে এজন মানুহ
যিজনৰ মৰম কেতিয়াও শেষ নাযায়।"
"সমগ্ৰ পৃথিৱীখন জয় কৰিলেও
যদি মা-দেউতাৰ হৃদয়খন,
জয় কৰিব নোৱাৰা তেন্তে
সেই জয় পৰাজয়ৰ সমান"
"সন্মানো পাব, ধনো ঘটিব
মা-দেউতাক যত্ন আৰু শ্ৰদ্ধা কৰক
সৰগখনো এই জনমত
এইখন পৃথিৱীতে পাব"
পিতৃ-মাতৃৰ মমতা সেই তেতিয়াই
মৃত্যু হয় যেতিয়া সন্তানে কয়,
"তোমালোকে মোৰ বাবে কৰিলা নো কি?"
এজন পিতৃয়ে তেওঁ কি ভাল পাই
সেইয়া কেতিয়াও কৈ নিদিয়,
দেওঁ দেখুৱাই দিয়ে তেওঁ কি ভাল পাই।
জীৱনত আমাক কিবা এটা কৰাত
আটাইতকৈ বেছি দেউতাই
সঁহাৰি আৰু প্ৰেৰণা যোগায়।
যদি পোষ্টটো ভাল লাগিলে তেন্তে তলৰ শ্বেয়াৰ বুটমত ক্লিক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।


