Moral Quotes and Status in Assamese | Life's Quotes in Assmaese | Assamese Thought in Life Moral - Part - 1
কিছুমান কথা বা নীতি নিয়ম অনুসৰণ কৰি চলিলে আমাৰ জীৱনটো সুন্দৰ কৰি সজাই তোলাত সহজ হৈ পৰে। মনৰ মাজত এটা ভাল এটিটিউদ আৰু যোগাত্মক চিন্তাধাৰা কিদৰে ধৰি ৰাখিব পাৰি তাৰ প্ৰতি আমি সদায় সচেতত হোৱা উচিত। জীৱনৰ প্ৰতিটো ঘটনাৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকিব পাৰে কিন্তু আমি বেয়াবোৰক চিনাক্ত কৰি সেইবোৰক বৰ্জন কৰিব পাৰিব লাগি আৰু ভালবোৰক গ্ৰহণ কৰি আগুৱাই যাব লাগিব। জৰৱনটোক আমি কিদৰে গঢ়ো সেইটো সম্পূৰ্ণ নিজস্ব। জীৱনৰ যিকোনো সমস্যা বিপদৰ বাবে আমি আনক দোষাৰূপ কৰাটো উচিত নহয়। আমি স্বীকাৰ কৰিব পাৰিব লাগিব যে ভুল আমাৰ আৰু যদি ভুল বিচাৰিও নাপাওঁ তেতিয়া নিজৰ ভুল বিচাৰি উলিয়াব লাগিব। আমাৰ মাজত থকা বা আমি কৰা ভুলবোৰ চিনাক্ত কৰিব পাৰিব লাগিব।
Assamese Quotes on Life's Moral, Assamese Status on Moral (Images and Photos)
"এজন জ্ঞানী ব্যক্তিয়ে
সকলো জানো বুলি কেতিয়াও নাভাৱে,
সকলো জানি বুলি কেৱল
এজন মুৰ্খইহে অহংকাৰ কৰিব পাৰে"
ৰৈ থাকিলে জীৱনলৈ ভাল সময় নাহে
ভাল সময়বোৰৰ বাবে আমি
জীৱনৰ বেয়া সময়বোৰৰ সতে যুজিব লাগিব
মানুহে পালনহে নকৰে
অন্যথা মানুহৰ বাবে
মানৱতাতকৈ ডাঙৰ সম্পৰ্ক একো নাই
পাছলৈ উভটি গৈ আপুনি
জীৱনৰ আৰম্ভণিক সলনি কৰিব নোৱাৰে
কিন্তু বৰ্তমানত আৰম্ভ কৰি
জীৱনৰ সামৰনণিক সুন্দৰ কৰি তুলিব পাৰে
বয়স বাঢ়ি অহা মানেই ডাঙৰ হোৱা নুবুজায়
ঘৰখনৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য
পালন কৰি আগবাঢ়ি যাব পৰা হ'বও লাগিব।
কোনে কি কৰি আছে, কিয় কৰিছে
কেনেকৈ কৰিছে. ক'ত আছে ইত্যাদি
কথাবোৰৰ পৰা যিমানেই আঁতৰি থাকিব পাৰিব
সিমানেই আপুনি শান্তিত থাকিব পাৰিব
মানুহৰ জীৱনত আৰ্থিক পৰিস্থিতি যিমানেই
ভাল নহওক কিয় জীৱনৰ প্ৰকৃত
সুখবোৰ উপভোগ কৰিবলৈ
এটা সৰল মনৰ অধিকাৰী হোৱাৰ লগতে
হৃদয়বানো হ'ব লাগিব
লাগিলে আপুনি যিমানেই
ভাল কাম কৰক,
কিছুমান মানুহৰ দৃষ্টিত আপুনি সদায় বেয়া হৈ থাকিব
এটা কধা সঁচা যে
টকাৱ অবিহনে জীৱনত সুখী হ'ব নোৱাৰি
কিন্তু সুখী হ'বলৈ
অজস্ৰ টকাৰো প্ৰয়োজন নাই।
প্ৰয়োজনত নিজকে সলনি কৰিবলৈ ভয় নকৰিব
হয়তো আপুনি ভাল কিবা হেৰুৱাব পাৰে
কিন্তু বিশ্বাস ৰাখক সময়ত তাতকৈ ভাল কিবা পাব
এডাল জ্বলি থকা মমবাতিয়ে অসংখ্য মমবাতিক
উজ্বলাই তুলিব পাৰে তথাপি পোহৰ কমি নাযায়,
সেইদৰে আমি সুখবোৰ আনৰ সতে ভগাই ল'লে
আমাৰ সুখবোৰো কমি নাযায়
শান্তিৰে থাকিবলৈ হ'লে পাহৰিব নোৱাৰাজনক ক্ষমা কৰি দিয়ক
আৰু ক্ষমা কৰিব নোৱাৰাজনক পাহৰি পেলাওক
আপুনি জীৱনৰ পৰা
একোৱেই শিকিব নোৱাৰিব
যদিহে আপুনি ভাবি থাকে যে সকলো
সময়তে আপুনিয়েই শুদ্ধ
আচলতে সুখী হোৱাটো সম্পূৰ্ণ নিজৰ কথা
বিচৰা সকলোবোৰ পোৱাৰ ওপৰত
জীৱনৰ সুখবোৰ নিৰ্ভৰ নকৰে
সুখবোৰ নিৰ্ভৰ কৰে আমাৰ মানসিকতাৰ ওপৰত
নিজৰ কথা ভাবিলেই যদি মানুহে
আপোনাক স্বাৰ্থপৰ বুলি কয় তেন্তে
বৰ্তমান সময়ত সামান্য স্বাৰ্থপৰেই হওক
মাত্ৰ এটা কথা মনত ৰাখিব যে
আপোনাৰ বাবে যাতে কাৰো একো ক্ষতি নহয়।
যিবোৰ মানুহে আপোনাৰ আগত আনৰ
বিষয়ে বেয়াকৈ কয় মনত ৰাখিব যে
সেইবোৰ মানুহে আপোনাৰ বিষয়েও
আনৰ আগত বেয়াকৈ কয়
আনৰ নিন্দালৈ ভয় কৰি লক্ষ পথৰ পৰা
আঁতৰি নাযাব, মনত ৰাখিব যে
আপুনি সফল হোৱাৰ পাছত এদিন মানুহে
মন্তব্যই সলনি কৰি পেলাব


















