20 Quotes on Mother | Quotes & Status on Maa in Assamese





জীৱনত আমাৰ সকলো আপোন মানুহবোৰৰ ভিতৰত মা আটাইতকৈ প্ৰিয়। মা'ৰ অবিহনে এখন ঘৰ, এটা পৰিয়াল সম্পূৰ্ণ হৈ উঠাটো সম্ভৱ নহয়। ঘৰখনৰ সকলো কাম কাজৰ পৰা আদি কৰি ঘৰখনৰ সকলো দায়িত্ব এগৰাকী মাতৃয়ে যিদৰে সূচাৰুৰূপে পালন কৰে সেইয়া সঁচাকৈয়ে আদৰ্শনীয়। এগৰাকী মাতৃঋ নিজ সন্তানৰ প্ৰতি কৰা জীৱনযোৰা ত্যগ, মায়ে লোৱা যতন, মাৰ মমতা সকলোবোৰৰ বাবে পৃথিৱীৰ প্ৰত্যেকগৰাকী মাতৃলৈ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।

20 Quotes on Mother | Quotes & Status on Maa in Assamese

তেওঁৰ দুটি ওঁঠৰ পৰা
কেতিয়াও অভিশাপ সৰি নপৰে,
তেওঁ কেৱল মা হে হ'ব পাৰে
যি কেতিয়াও মোক বেয়া পাই থাকিব নোৱাৰে

সেইগৰাকী কেৱল মা হে হ'ব পাৰে
যি থাকিলে জীৱনত কেতিয়াও স্থায়ী দুখ নাথাকে,
পৃথিৱীখন লগত থাকক বা নাথাকক
মা'ৰ ভালপোৱাৰ কেতিয়াও অন্ত নপৰে

জীৱনত সকলোৱে ভগৱানৰ পৰা 
এটা আশীৰ্বাদ নিশ্চয় বিচাৰ লওক,
পৃথিৱীত মাৰ অবিহনে কোনো ঘৰ নাথাকক
আৰু কোনো মা যাতে বৃদ্ধাশ্ৰমত নাথাকক।



জীৱনৰ জটিল পৰিস্থিতিত যেতিয়া
ধৈৰ্য আৰু সাহস সকলো হেৰাই যায়
তেতিয়া সেই মৌনতাৰ মাজৰ বিষাদবোৰ
কেৱল মাইহে দেখি পায়।

সহনশীলতা শিলৰ দৰে
আৰু হৃদয়খন মমৰ দৰে
নাজানো মোৰ মা কি ধাতুৰে গঢ়া

মা পঢ়া লিখা নহ’লেও 
পৃথিৱীৰ আটাইতকৈ মহান জ্ঞানবোৰ 
মায়েই দিয়ে আমাক৷

মায়ে কয়, 
মেকুৰীয়ে বাটত আগভেটি 
পাৰ হৈ গ’লে ৰৈ দিব লাগে৷ 
মই অন্ধবিশ্বাসক নামানো কিন্তু মাৰ কথা মানো৷

প্ৰতিটো সময়তে আমাক ধনী কৰি ৰাখিছিল, 
আমি যে দুখীয়া সেইয়া কেৱল মায়েহে জানিছিল৷

মা’ৰ মমতা আৰু দেউতাৰ আশীৰ্বাদৰ বাহিৰে
বাকী পৃথিৱীখনৰ সকলোতে স্বাৰ্থ জড়িত হৈ থাকে৷

জীৱনত হাজাৰটা দুখ আছে 
তথাপি মই হাঁহো,
যেতিয়া মোৰ মায়ে হাঁহে
পৃথিৱীৰ সমস্ত ভাগৰ পাহৰোঁ৷

নিজকে সাজিবলৈ কাচিবলৈ ক’তনো সময় পায়
তথাপিও মোৰ মা সকলো নাৰীতকৈ ধুনীয়া৷

মা পৃথিৱীৰ সেইগৰাকী ব্যক্তি
যি সকলোৰে অভাৱ পূৰণ কৰিব পাৰে কিন্তু 
মা অভাৱ পূৰণ কৰিবলৈ পৃথিৱীত কোনেও নোৱাৰে৷

এই পৃথিৱীত স্বাৰ্থৰ অবিহনে কেৱল 
মায়েহে আমাক মৰম কৰে৷

এটা কথা সদায় মনত ৰাখিব যে,
মাৰ আশীৰ্বাদ আৰু কামনাই
সময়নো কি ভাগ্যকো সলনি কৰি দিব পাৰে৷

সমগ্ৰ পৃথিৱীয়ে মোৰ কথা চিন্তা কৰিবলৈ এৰি দিব পাৰে কিন্তু 
মোৰ বিশ্বাস আছে যে মোৰ মায়ে মোৰ কথা চিন্তা কৰিবলৈ কেতিয়াও নাপাহৰে৷ 

মা তকৈ ডাঙৰ পৃথিৱীত কোনো গুৰু নাই৷

মা মোৰ শৈশৱৰ ধাৰ 
তোমাক সুখত ৰখাটো মোৰ দায়িত্ব বুলি পালন কৰিলেও বহুত কম৷

জীৱনে এটা কথা নিশ্চয় শিকালে
মা'ৰ বহিৰে পৃথিৱীত আপোন কোনো নাই।

প্ৰতিটো সম্পৰ্কতে মিশ্ৰণ দেখিলোঁ
কেচা ৰঙৰ সাজোন দেখিলোঁ
কিন্তু বছৰ বছৰ ধৰি মাক দেখি আহিছোঁ
না তেওঁৰ দুচকুত ভাগৰ দেখিলোঁ
না তেওঁৰ মৰমত স্বাৰ্থ দেখিলোঁ।
Next Post Previous Post