Remember These 10 Things in Life to Happy: জীৱনত সুখী হ’বলৈ হ’লে এই ১০ টা কথা নিশ্চয় মনত ৰাখিব
জীৱনত আমি কিমান সুখী বা ভৱিষ্যতে কিমান সুখী হ’ব পাৰিম সেইয়া সময়ে ক’ব বুলি ভাবি থকা ধাৰণাটো একেবাৰে ভুল৷ সময়ৰ ওপৰত আপোনাৰ সুখৰ ভৱিষ্যতৰ ফলাফল তেতিয়াহে এৰি দিব পাৰি যেতিয়া আপুনি বৰ্তমানত নিজৰ সুখৰ বাবে বা নিজৰ সপোনবোৰৰ বাবে কষ্ট তথা পৰিশ্ৰম কৰিবলৈ ল’ব৷ এটা কথা মনত ৰাখিব যে নিজৰ সুখৰ কাৰণে যাতে আন কাৰোৰে একো হানি নহয় অন্যথা আনক আঘাত কৰি, আনক দুখ দি আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ জীৱনত বহুত বেছি টকা পইছা থাকিলেই যে আপুনি সুখী হ’ব পাৰিব তেনে নহয়; আপুনি কিমান সুখত থাকিব সেইয়া নিৰ্ভৰ কৰে আপোনাৰ মানসিকতা আৰু বৰ্তমানৰ জীৱনটোৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী৷ বন্ধুসকল তলত কেইটামান মহান বাণী প্ৰকাশ কৰিছোঁ৷ যদি আপোনালোকৰ ভাল লাগে শ্ৱেয়াৰ কৰিবলৈ নাপাহৰিব
How To Be Happy In Your Life? Quotes in Assamese
১) জীৱনত কেতিয়াও উদাস ন’হবা
জীৱনক কোনো বিফলতাতে নিৰাশ নহ’বা
জীৱন এনেকুৱাই, যুঁজিবই লাগিব
কেতিয়াও জীৱনত জীয়াই থকাৰ স্বাভিমান নেহেৰুৱাবা
২) জীৱনত আপুনি কিমান সুখী হৈ আছে সেইয়া নিৰ্ভৰ নকৰে,
আপোনাৰ কাৰণে কিমান সুখী হ’ব পাৰিছে সেইয়াহে আচল কথা৷
৩)যদি আপোনাক কোনোবাই বুজি পোৱা নাই
তেন্তে সেই কথাক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই,
চিন্তিত হোৱাৰ প্ৰয়োজন তেতিয়াহে আহি পৰে
যেতিয়া আপুনি নিজক বুজি নাপায়৷
৪)নিজৰ কৰ্মলৈ ভয় কৰক; ভগৱানলৈ নহয়
ভগৱান ক্ষমা কৰি দিয়ে কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে
৫) জীৱনটো সহজ নহয়
গতিকে জীয়াই থকাৰ অভ্যাস গঢ়ি লওক
৬) নিজৰ মানসিকতাত জোৰ দিয়ক; মাতত নহয় কিয়নো
শস্য বৰষুণ দিলে হয়; বানপানীত নহয়৷
৭) জীৱনত সেইটো কাম কৰি বেছি ভাল লাগে
যিটো কাম আনে, মই কৰিব নোৱাৰিম বুলি ভাবে
৮) যিজনে আপোনাৰ লগত হৃদয়েৰে কথা পাতে তেওঁক কেতিয়াও মগজুৰে প্ৰত্তুত্যৰ নিদিব৷
৯) পাৰ হৈ যোৱা দিনবোৰৰ কথা চিন্তা কৰি থকাতকৈ
আজি পৰিশ্ৰম কৰি আহিবলগীয়া দিনবোৰ সুন্দৰ কৰি তুলক
১০) যদি আপোনাৰ সুখবোৰ আনৰ ওপৰত নিৰ্ভৰ কৰে
তেন্তে আপুনি গোটেই জীৱন দুখী হৈ থাকিব লাগিব
বিঃদ্ৰঃ উপৰোক্ত বাণীসমূহ আমি বিভিন্ন মাধ্যমৰ সংগ্ৰহ কৰিছোঁ৷ ইয়াৰে একাংশ অনুবাদ কৰা হৈছে। এনে ধৰণৰ বহুতো বাণীৰ ফটো ডাউনলড্ কৰিবলৈ আপুনি জনপ্ৰিয় ফেচবুক পেজ 'নিৰিবিলি'ক লাইক আৰু Follow কৰিবলৈ নাপাহৰিব৷ লগতে এই পোষ্টটো কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত জনাব৷ যদি আপোনাৰ লিখনি নাইবা উক্তি এই ৱেবছাইটত প্ৰকাশ হোৱাটো বিচাৰিছে তেন্তে আমালৈ প্ৰেৰণ কৰক তলৰ মেইল ঠিকনাত
niribiliquote@gmail.com

