Best Relationship Quotes & Status in Assamese | সম্পৰ্কৰ ওপৰত উক্তি আৰু বচন
কাৰোবাৰ লগত ভালপোৱা বা প্ৰেমৰ সম্পৰ্ক এটা গঢ়ি উঠাৰ সেই সম্পৰ্কটোক আগুৱাই নিয়াত প্ৰায় কঠিন হৈ পৰে। বহু সময়ত আমি একো নজনাকৈ, একো অনুভৱ নকৰাকৈ কেৱল জাজমেণ্টল হিচাপে নিজৰ মতেই ভাবি লওঁ যিটো কথা সম্পৰ্ক এটাত কৰা আটাইতকৈ ডাঙৰ ভুল। সময় আগবঢ়াৰ লগে লগে বা সম্পৰ্ক কিছু পুৰণি হোৱাৰ লগে লগে আমি তেওঁক বেছিকৈ বুজি পাওঁ বুলি ভাবি লওঁ কিন্তু সেইয়াতো সঁচা নহ'বও পাৰে। বন্ধসকল আজি আমি এনে কিছুমান কথাই তলত উক্তিৰ ৰূপত প্ৰকাশ কৰিছোঁ যদি আপোনলোকৰ ভাল লাগে বা সঁচা বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
১)
"সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ
কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে কঠিন"
২)
"সম্পৰ্ক এটা পালন কৰাটো
সকলোৰে পক্ষে সহজ নহয়,
নহ সময়ত আপোনজনৰ কাৰণে
নিজকে নিজেই আঘাত দিবলগীয়া হয়"
৩)
"এটা সম্পৰ্কত থকা দুজনৰ মাজত
যদি কেতিয়াও কাজিয়াই নহয়
ভাবি ল'ব যে, সম্পৰ্কটো
হৃদয়েৰে নহয়; মগজুৰে পালন কৰি আছে"
৪)
"কোন কেতিয়া কাৰ
কিমান আপোন হয়
সেইয়া কেৱল সময়হে ক'ব পাৰে"
৫)
"কাৰোবাক ইমানো বেছি অধিকাৰ নিদিব যে
আপুনি কেতিয়া হাঁহিব আৰু কেতিয়া কান্দিব
সেইয়াও তেওঁ নিৰ্ধাৰণ কৰিব পাৰে"
৬)
"প্ৰতিশ্ৰুতি হাজাৰ হওক
কিন্তু সম্পৰ্কটো কিমান সঁচা
সেইয়া জীৱনলৈ অহা সময়হে ক'ব"
৭)
"মনত ৰাখিব আমি কৰা ভুল এটা
জীৱনৰ এখন পৃষ্ঠাৰ এটা স্তৱক মাথো
কিন্তু সম্পৰ্ক এটা জীৱনৰ এটা অধ্যায়
সেয়েহে সৰু এটা স্তৱক বেয়া বুলিয়েই
জীৱনৰ সেই সুন্দৰ অধ্যায়টো ফালি নেপেলাব"
৮)
"যদি হৃদয়ত স্থান আছে
দূৰত্বলৈ ভয় নালাগে
কিন্তু যদি তোমাৰ হৃদয়তে ঠাই নাই
তেন্তে কাষত থাকিও লাভ নাই"
৯)
"সম্পৰ্ক এটা কেতিয়াও নিজেই শেষ হৈ নাযায়
ইয়াক কোনোবাজনে হত্যা কৰে,
কেতিয়াবা গুৰুত্বহীনতাই
কেতিয়াবা সন্দেহে"
১০)
"যাক তোমাৰ প্ৰয়োজন নাই
তথাপি যদি তেওঁ তোমাৰ
প্ৰতিটো বিপদত তোমাৰ লগত থাকে
ভাবি ল'বা যে তোমাতকৈ ভাগ্যৱান কোনো নাই"
১১)
"সম্পৰ্ক ভাঙি গ'লেও কিছুমান মানুহৰ
মোবাইল নাম্বাৰটো এনেধৰণে ৰাখি
যাতে তেওঁলোকে গম পাই যে
আমি তেওঁলোকক হৃদয়ৰ পৰা
দিলিট কৰি পেলাইছোঁ"
১২)
"সম্পৰ্ক সেইয়া নহয় যি
আনক দেখুওৱা হয়,
সম্পৰ্ক সেইয়াহে যি হৃদয়েৰে পালন কৰা হয়"
১৩)
লাগিলে সম্পৰ্ক কমকৈ গঢ়ক
কিন্তু হৃদয়েৰে
গঢ়ক
১৪)
"যিবোৰ মানুহে জীৱনত সময় কটাবলৈ
বা কথা পাতিবলৈ চিনাকি বহুত মানুহ থাকে
তেনে লোকৰ লগত কেতিয়াও
এটা গভীৰ সম্পৰ্ক গঢ়ি তুলিব নোৱাৰি"
১৫)
ব্যস্ততাৰ বাবে আপোনজনে কেতিয়াবা আপোনাক
সময় দিব নোৱাৰিবও পাৰে, তাৰমানে এইটো নহয়
যে তেওক আপোনাক গুৰুত্ব নিদিয়ে
১৬)
সম্পৰ্ক এটাত আপোনজনক দিব পৰা
আটাইতকৈ ডাঙৰ উপহাৰ হৈছে
"সন্মান আৰু গুৰুত্ব"
১৭)
আপুনি যিমানেই সততা আৰু বিশ্বাসেৰে
সম্পৰ্ক এটা পালন নকৰক কিয়; আঁতৰি যাবলৈ বিচাৰি
থকাজনে আপোনাৰ সামান্য এটা ভুলকে
অজুহাত হিচাপে লৈ আঁতৰি যাব
১৮)
কেইদিনমানৰ কাৰণে
চিনাকীবোৰক প্ৰথমে মনত পেলাবলৈ এৰি দিয়কচোন
সম্পৰ্কবোৰ সঁচা নে মিছা
চিনিবলৈ বৰ সহজ হৈ পৰিব








