Best Lines On True relationship with true love in Assamese


True relationship with true love Quotes and Status

জীৱনত কাৰোবাক সঁচা অন্তৰেৰে তথা সবল বিশ্বাসেৰে ভাল পাবলৈ হ’লে আপোনাৰো এখন সঁচা হৃদয় আৰু বিশ্বাসী মন থাকিব লাগিব৷


জীৱনত সময় কটাবলৈ কাষত কাৰোবাক পোৱাটো বৰ্তমান সময়ত একেবাৰে সহজলভ্য হৈ পৰিছে কিন্তু যান্ত্ৰিক আৰু গতানুগতিক এই জীৱনৰ অকলশৰীয়া মূহূৰ্তবোৰ তথা দুখৰ সময়বোৰত আপোনাৰ নিচেই কাষত আপুনি নিবিচৰাকৈ কাৰোবাক পোৱাটোহে জটিল৷ যদি কেনেবাকৈ তেনেকুৱা ব্যক্তি জীৱনলৈ আহে তেন্তে তেওঁক কোনো কাৰণতে নেহেৰুৱাব৷

Read Also: Heart Touching Quotes in Assamese

বৰ্তমান সময়ত দেখা যায় যে আমাৰ জীৱনত একাংশ চিনাকি মানুহে আমাক তেতিয়াহে মনত পেলাই যেতিয়া তেওঁলোকৰ কৰিবলৈ একো নাথাকে বা খুবেই অকলশৰীয়া হৈ পৰে কিন্তু আপুনি এবাৰ ভাবি চাইছেনে যে আপোনাৰ যেতিয়া দুখ লাগে, আপুনি যেতিয়া নিসংগ হৈ পৰে সেই সময়ত আপোনাৰ মৌনতাখিনিক বুজিবলৈ কাষত কোনো নাথাকে । মনত ৰাখিব যে যিজনে আপোনাক কেৱল নিজৰ প্ৰয়োজনতহে বিচাৰে তেওঁ কেতিয়াও কোনোদিনে আপোনাৰ আপোন হ’ব নোৱাৰে৷


সঁচা ভালপোৱা, প্ৰকৃত ভালপোৱা বুলি আচলতে কোনো কথা নাই৷ ভালপোৱা সদায় ভালপোৱাই৷ যি প্ৰেমত সত্যতা নাইবা বিশ্বাস নাই সেই প্ৰেমক ভালপোৱা বুলিব নোৱাৰি৷ আমি সদায় ভালপোৱা আৰু ভাললগাৰ মাজৰ পাৰ্থক্যক চিনিব নোৱাৰোঁ৷ আনক সহজতে বিশ্বাস কৰি লোৱা নাইবা সহজতে কাৰোবাৰ প্ৰেমত পৰা আদিবোৰ আমাৰ মানসিক সমস্যা বুলি ক’ব পাৰি৷


কাৰোবাৰ প্ৰেমক জুখি চাব নালাগে কিন্তু কাৰোবাৰ বিশ্বাসঘাটকতাৰ সন্মুীখন হোৱাতকৈ আমি সম্পৰ্ক এটা গঢ়িবলৈ যাওঁতে বা সম্পৰ্ক এটা আগবঢ়াই নিওঁতে সদায় এই কথাবোৰ গুৰুত্ব দিব লাগে৷ 


মনত ৰাখিব যে সম্পৰ্ক এটাক আগুৱাই নিবলৈ আৰু সম্পৰ্কটোক দুজন সঁচা ব্যক্তিৰ দুখন সঁচা হৃদয় লাগে৷

Next Post Previous Post