Top 10 Life's Moral Quote in Assamese | You must read & share it



Top 10 Life's moral Quotes in Assamese

 ১ 
“মৌন হৈ থাকিব পৰাটো সাধনা
আৰু ভাবি চিন্তি কথা ক’ব পৰাটো কলা”


২)
এজন অন্ধ ব্যক্তিয়ে মন্দিৰলৈ দৰ্শন কৰিবলৈ অহা দেখি মানুহবোৰে সুধিলে
"তেওঁ দেৱীক দেখি পাব জানো?"
তেওঁ ক’লে যে ভগৱানক পাবলৈ
দৃষ্টি নহয় দৃষ্টিকোণৰ হে প্ৰয়োজন৷




৩)
মানুহে ঘৰ সলনি কৰে
সমন্ধও সলনি কৰে
কাপোৰ সলনি কৰে তথাপি
দুখী হৈয়ে থাকে কাৰণ মানুহে
নিজৰ স্বভাৱ সলনি কৰিব নাজানে


 


৪)
আপুনি আজি যি কৰিব তাৰ ওপৰতে
আপোনাৰ সন্তানৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷ 
আপোনাৰ সৎ কৰ্মই যিদৰে আপোনাৰ সন্তানক সুসংস্কাৰৱান কৰি তুলিব ঠিক সেইদৰে আপোনাৰ পৰিশ্ৰম আৰু অধ্যৱসায়ে আপোনাৰ সন্তানৰ ভৱিষ্যতক নিৰাপত্তা দিয়াত সহায় কৰিব৷ 
Advertisements


৫) সফলতা কোনো ভগৱানে এনেই আহি দি থৈ যোৱা উপহাৰ নহয়
সফল হ’বলৈ হ’লে আমি প্ৰথমে সপোন দেখিব লাগিব আৰু তাৰ পাছত সেই সপোনক সফল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি এইটো বিশ্বাস কৰিব লাগিব আমি কৰিব পাৰিমেই৷


৬)
আমাৰ জীৱনটো প্ৰায় এখন নোটবুকৰ দৰে৷ ইয়াৰ প্ৰথম আৰু শেষ পৃষ্ঠা দুটা ভগৱানে লিখি পঠায়, 
প্ৰথমটোত জন্মৰ কথা আৰু শেষৰ পৃষ্ঠাটোত মৃত্যুৰ কথা বাকীবোৰ উকা হৈ থাকে আৰু সেই উকা পৃষ্ঠাবোৰ আপুনি নিজেই পূৰাব লাগিব৷ তাত মৰম পূৰাব নে হিংসাৰে পৰিপূৰ্ণ কৰিব সেইয়া আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব৷


৭)
জীৱনটোক ভালকৈ উপভোগ কৰিবলৈ হ’লে আমি জীৱনৰ প্ৰতিটো সৰু সুৰা প্ৰাপ্তিক উদযাপন কৰিবলৈ জানিব লাগিব৷ জীৱনৰ সৰু সৰু সুখবোৰক উপভোগ কৰিবলৈ হ’লে আমি জীৱনলৈ অহা প্ৰতিটো সমস্যাৰ স’তে মোকাবিলা কৰি জীৱনৰ প্ৰতিটো দুখক গ্ৰহণ কৰি সহ্য কৰি যাব লাগিব৷


৮)
“যদি তুমি এডাল পেঞ্চিল হৈ 
আনৰ জীৱনত সুখ আঁকি দিব নোৱাৰা 
তেন্তে এডাল ৰৱৰ হোৱা আৰু
দুখবোৰ মোহাৰি দিয়া”



- পৰাপক্ষত আমি আনৰ সুখৰ কাৰণ হ’ব লাগে কিন্ত কেতিয়াও দুখৰ কাৰণ হ’ব নালাগে৷ যদি সুখৰ কাৰণ হ’ব নোৱাৰোঁ তেতিয়া আমি চেষ্টা কৰিব লাগে যে আমি প্ৰেৰণা হৈ তেওঁৰ জীৱনৰ দুখবোৰ আঁতৰাব পাৰোঁ৷

৯) 
হাঁহি হৈছে জীৱনৰ এনে এক ঔষধ
যাৰ দ্বাৰা আমি প্ৰতিটো সমস্যাৰ 
সন্মুখীন হ’ব পাৰো আৰু প্ৰতিটো ভয়ক পৰাভূত কৰি দুখবোৰ 
আঁতৰাব পাৰোঁ৷


১০)
জীৱনৰ প্ৰতিটো দুখ আৰু প্ৰতিটো  অসফলতাই একোটা পাঠৰ দৰে শিক্ষা দিয়ে আৰু প্ৰতিটো পাঠেই আমাক সলনি কৰাত সহায় কৰে৷

Next Post Previous Post