13 Assamese Sad Quotes & Status on Love | Sad Love Quotes
Sad Love Quotes & Status in Assamese
এটা কথা সদায় মনত ৰাখিব
জীৱনত আপুনি যাক
প্ৰয়োজনতকৈ বেছি সময় দিব
এদিন তেওঁৱেই সময়ৰ দৰে
সলনি হৈ পৰিব।
তোমাৰ পৰা আশা কৰিবলৈ এৰি দিছোঁ কিন্তু
তোমাক ভাল পাবলৈ এৰি দিয়া নাই।
মোতকৈ ধুনীয়া এজন তো পাই যাবা
কিন্তু যেতিয়া এখন সঁচা হৃদয়ৰ কথা আহি পৰিব
তেতিয়া তুমি হাৰি যাবা।
সময়ৰ লগত স্বভাৱো সলনি কৰিছোঁ সেয়েহে চাগে
আজিকালি কাৰো লগত দুখবোৰ ভগাই ল’ব নোৱাৰোঁ।
খং ইমান তোমাৰ যে মেচেজ এটা কৰিবলৈও
কুণ্ঠাবোধ কৰা কিন্তু ইমানেই মোক ভালপোৱা
যে বাৰে বাৰে লাষ্ট চিন চেক কৰি থাকা।
জীৱনৰ আটাইতকৈ অসহ্যকৰ সময় সেইখিনি
যেতিয়া আপোনাৰ আপোনজনৰ বাবেই দুচকু সেমেকি পৰে
আৰু তেওঁ সুধে, “কি হ’ল?”
প্ৰথমতে দিনবোৰ পাৰ হৈ গৈছিল
কিন্তু কথাবোৰ শেষ হোৱা নাছিল
কিন্তু আজিকালি দিনবোৰ শেষ হৈ যায়
আৰু কথাবোৰ আৰম্ভই নহয়।
এটা কথা মনত ৰাখিব যে,
কিছুমান সবল সম্পৰ্কও
কোনোবা এজনৰ মৌনতাৰ বাবেই শেষ হৈ যায়।
তোমাৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ভাগৰি পৰিছোঁ
ভালপোৱাৰ কথা ক’ব নালাগে অন্ততঃ অগিযোগকে কৰা।
আজিও তোমাক সিমানেই ভালপাওঁ
কিন্তু কিন্তু বুজিও নুবুজা আৰু মই
বুজাবলৈ এৰি দিছোঁ।
তুমি হাজাৰবাৰ অভিমান কৰিলেও
তোমাৰ অভিমান ভাঙিম কিন্তু
মনত ৰাখিবা যাতে তোমাৰ হৃদয়ত
আন কোনো সোমাব নোৱাৰে।
তুমি আটাইতকৈ বিশেষ মোৰ বাবে
কিন্তু প্ৰতিবাৰে প্ৰকাশ কৰি দিয়াটো প্ৰয়োজন বুলি নাভাবোঁ।
কাৰোবাক জীৱনত কাষত পালেই ভালপোৱা
বুলি ক’ব নোৱাৰি তেওঁ
তেওঁৰ পৰা দূৰৈত থাকি তেওঁক হৃদয়ত ৰখাটোও ভালপোৱা।

