Life's reality quotes in Assamese
Life's reality quotes in Assamese
“জীৱনত ভাগৰি পৰোঁ
কেতিয়াবা নিজৰ লগত
কেতিয়াবা ভাগ্যৰ লগত কেতিয়াবা সময়ৰ লগত
আৰু কেতিয়াবা সম্পৰ্কবোৰৰ লগত”
“মাজে সময়ে জীৱনলৈ দুখৰ সয়মবোৰে
সেই মানুহবোৰক চিনাকি কৰাই দিয়ে
যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে”
লগতে পঢ়ক আৰু ডাউনলদ কৰক
“জীৱনত সুখী হ’বলৈ হ’লে
আনৰ পৰা আশা কৰিবলৈ এৰক
আৰু নিজক লৈ কৰা আশাবোৰো যাতে
বাস্তৱিক হয় তাৰ প্ৰতি সচেতন হওক।“
ভুল এজনৰ পিছত দৌৰি
ফুৰাৰ প্ৰয়োজন নাই,
সঠিক আৰু শুদ্ধজনে সদায়
আপোনাৰ লগতে আগবাঢ়ি যাব।
সত্য এইয়াই যে
জীৱনত আপুনি যিটো মনে প্ৰাণে বিচাৰে
সেইটো সহজতে কেতিয়াও পোৱা নাযায়।
সুখ বিচাৰি বিচাৰি হাবাথুৰি খাই
জীৱনত কাম নকৰিব তাৰ পৰিৱৰ্তে
সুখী হৈ কাম কৰক,
সোণকালে সফল হ’বও পাৰিব।
কাৰোবাৰ জীৱনৰ এন্ধাৰত যদি
তুমি সহায়ৰ এডাল মমবাতি জ্বলাই দিয়া
মনত ৰাখিবা তেওঁৰ সমানে তুমিও পোহৰ পাবা।
যদি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব






